স্বাধীনতা দিৱসক লৈ দেশজুৰি উলাহৰ ধল। লালকিল্লাৰ প্ৰাচীৰত পতাকা উত্তোলন দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দ্বাদশবাৰৰ বাবে স্বাধীনতা দিৱসৰ ভাষণ প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।
ইয়াৰ পিছতে এম আই-১৭ হেলিকপ্টাৰৰ জৰিয়তে ফুলৰ অৰ্পন কৰা হয়। এইবাৰৰ স্বাধীনতা দিৱসৰ মূল বিষয়বস্তু হৈছে ‘নতুন ভাৰত’। বিভিন্ন ক্ষেত্ৰৰ পৰা প্ৰায় ৫ হাজাৰ বিশেষ অতিথিয়ে অংশগ্ৰহণ কৰে।
তাৰ পাছতে প্ৰধানমন্ত্ৰী দেশবাসীক সম্বোধন কৰে। তেওঁ কয় যে, দেশত বৰ্তমান একতাৰ মনোভাৱ শক্তিশালী হৈ উঠিছে। এয়া এক সামূহিক সাফল্য আৰু গৌৰৱৰ মুহূৰ্ত। আজিৰ এই পবিত্ৰ দিনটোত সকলোৱে ত্ৰিৰংগাৰ ৰঙেৰে ৰঙীন হৈছে। অপাৰেচন সেন্দুৰৰ সাফল্যৰ বাবে বীৰ জোৱানকলৈ গৌৰৱান্বিত মোদী। লগতে পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতৰ এক্সন সন্দৰ্ভতো বৰ্ণনা মোদীৰ।
নিউক্লিয়াৰ ব্লেকমেংলিঙক ভাৰতে কেতিয়াও প্ৰধান্য নিদিয়ে বুলি সকিয়নী মোদীৰ।