• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, March 12, 2026
26 °c
Guwahati
23 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত

Nation NE by Nation NE
August 16, 2025
in Top News, অসম, বিনোদন
0 0
সেই দিন আৰু নাই… বড়ো জাতিৰ উত্তৰণত নতুন দিগন্ত

বিটিচি প্ৰধান প্ৰমোদ বড়োৰ ফাইল ছবি।

Share on FacebookShare on TwitterWhatsApp

জাতিগত দিশত বড়ো জাতিটোৱে নিজৰ অধিকাৰৰ প্ৰশ্ন তুলি যি আন্দোলনৰ সূচনা কৰিছিল সেই দিনবোৰ এতিয়া অতীত। অসম আন্দোলনৰ সেই দিনবোৰৰ পাছত জাতিৰ অধিকাৰৰ দাবীৰে ১৯৮০ৰ দশকত কিম্বদন্তী নেতা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই সদৌ বড়ো ছাত্ৰ সংগঠনৰ পৃষ্ঠপোষকতাত যি আন্দোলন আৰম্ভ কৰিছিল সেয়া একাধিক সংগ্ৰামৰ মাজেৰে আজিৰ বিটিচি পৰিষদ বা পৰিষদীয় এলেকাত পৰিণত হৈছে।

বড়ো জনগোষ্ঠীৰ স্বাভিমান আৰু অধিকাৰ প্ৰতিষ্ঠাৰ বাবে পশ্চিম অসমত চলা ৰক্তক্ষয়ী সংগ্ৰামে তিনিখন চুক্তি অতিক্ৰম কৰি এতিয়া শান্তিৰ জয়ধ্বনি দিবলৈ সক্ষম হৈছে।

২০০৩ চনত স্বাক্ষৰিত প্ৰথম চুক্তিৰ জৰিয়তে গঠিত হোৱা বিটিচি (বড়ো এলেকা কাউঞ্চিল) বড়ো সশস্ত্ৰ সংগঠন বড়ো লিবাৰেশ্যন টাইগাৰৰ নেতা হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত আৰম্ভ হোৱা বিপিএফৰ নেতৃত্বত প্ৰশাসনিক শাসন ব্যৱস্থা আৰম্ভ হৈছিল যদিও অন্য এটা সশস্ত্ৰ সংগঠন এনডিএফবিৰ প্ৰথম বড়ো চুক্তিত থকা অসন্তুষ্টিৰ ফলতেই ২০০৮ চনৰ ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণ বা ২০১৪ চন পৰ্য্যন্ত চলা অন্যান্য সাম্প্ৰদায়িক সংঘৰ্ষবোৰে কংগ্ৰেছ দলৰ সৈতে মিত্ৰতা কৰি চলা বিপিএফ চৰকাৰ ওচৰত একাধিক প্ৰত্যাহ্বান আনিছিল।

ইয়াৰ বিপৰীতে ২০২০ চনৰ ২৭ জানুৱাৰীত স্বাক্ষৰিত হোৱা তৃতীয় বড়ো চুক্তিয়ে সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ২০২০ৰ ২৭ জানুৱাৰীত সম্পন্ন চুক্তিত উমৈহতীয়াভাৱে এনডিএফবিৰ চাৰিটা গোটৰ নেতৃত্বৰ লগতে সদৌ বড়ো ছাত্ৰ সংগঠন, নাগৰিক সমাজ ইউনাইটেড বড়ো পিপুলছ অৰ্গেনাইজেশ্যনৰ সৈতে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ চূড়ান্ত চুক্তিয়ে বড়োভূমিত বিগত পাঁচটা বছৰত উগ্ৰপন্থী কাৰ্য্যকলাপৰ সৈতে জড়িত হিংসাত্মক ঘটনা সমূলি শূন্য কৰি বড়োভূমিত কেৱল শান্তি আৰু উন্নয়ন সম্ভৱ কৰি তুলিছে।

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মই নেতৃত্ব লোৱা সদৌ বড়ো ছাত্ৰ সংগঠনৰ ছত্ৰছায়াত ১৯৮৭ চনৰ পৰাই বড়োসকলৰ অধিকাৰৰ সামাজিক আন্দোলনৰ কৰ্মী হিচাপে প্ৰমোদ বড়োই আনুষ্ঠানিকভাৱে সামাজিক জীৱন আৰম্ভ কৰিছিল।

বড়ো অধিকাৰৰ এগৰাকী সক্ৰিয় নেতা হিচাপে ২০০৯ চনত সদৌ বড়ো ছাত্ৰ সংগঠনৰ মুখ্য দায়িত্ব লাভ কৰাৰ পাছৰ পৰা ২০২০ চনত বিটিচিৰ মুখ্য কাৰ্য্যবাহী সদস্য হিচাপে দায়িত্ব লোৱা প্ৰমোদ বড়োৰ প্ৰভাৱ বড়োভূমিত মন কৰিবলগীয়া আছিল।

২০০৯ চনৰ পৰা বড়ো অধিকাৰৰ বাবে সক্ৰিয়ভাৱে জড়িত হৈ থাকি সম্মুখৰ পৰা নেতৃত্ব দিয়া প্ৰমোদ বড়োৱে ২০১৪ চনত তেলেংগানাক পৃথক ৰাজ্য হিচাপে তেতিয়াৰ কংগ্ৰেছ নেতৃত্বাধীন কেন্দ্ৰ চৰকাৰে লোৱা সিদ্ধান্তৰ প্ৰতিবাদত অসমতো আন্দোলন তীব্ৰ কৰি তুলিছিল।

বড়ো শান্তিৰ বাবে অহৰহ সক্ৰিয় হৈ থকা এইগৰাকী নেতা প্ৰমোদ বড়োই ২০২০ৰ শেষৰ পিনে অনুষ্ঠিত হোৱা বিটিচি পৰিষদীয় নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰি প্ৰশাসনৰ দায়িত্ব হাতত লয়।

বিগত পাঁচটা বছৰত প্ৰমোদ বড়োৰ নেতৃত্বত বিটিচি প্ৰশাসনে সকলোৰে সৈতে সকলোৰে চৰকাৰ (সবকা সাথ সবকা চৰকাৰ) নীতিক সৰোগত কৰি বড়োভূমিত (ৰাজ্যৰ অন্তৰ্গত পাঁচখন জিলাত সিঁচৰিত হৈ থকা অঞ্চল) শান্তিৰ লগতে উন্নয়নক অগ্ৰাধিকাৰ দিবলৈ সক্ষম হৈছে।

পূৰ্বতে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত চলি থকা বিটিচি প্ৰশাসনৰ সময়ত বড়ো ভূমিত সংঘটিত হৈ থকা ভ্ৰাতৃঘাটি সংঘৰ্ষবোৰ বিগত পাঁচটা বছৰত সম্পূৰ্ণৰূপে নাইকীয়া হৈছে। ইয়াৰ সলনি এতিয়া কেন্দ্ৰৰ মোদী চৰকাৰৰ সংবাগীন বিকাশ, অন্তৰ্ভুক্তিৰ সমাজনীতিৰ (Inclusive Development) আৰ্হিত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে শান্তি আৰু উন্নয়নৰ প্ৰশাসন ব্যৱস্থা চলাই নিছে।

২০২০ চনৰ শান্তিৰ চুক্তিৰ আধাৰত প্ৰমোদ বড়ো প্ৰশাসনে গ্ৰহণ কৰা বিটিআৰৰ সম্প্ৰদায় দৃষ্টিভংগী (Community vision for BTR) নীতি বিশেষ সফলতা লাভ কৰিছে। ৰাজ্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তত্বাৱধনাত তথা বিটিচি প্ৰধান প্ৰমোদ বড়োৰ প্ৰচেষ্টাত বড়ো ভূমিৰ ২৬ টা ভিন্ন সম্প্ৰদায়ৰ এতিয়া উমৈহতীয়া উন্নয়ন সম্ভৱ হৈছে। বিকশিত ভাৰত ২০৪৭ নীতিৰ লক্ষ্যৰ আধাৰত বিটিচি প্ৰশাসনে প্ৰস্তুত কৰা ভিছন ডকুমেন্টে বড়ো জনগোষ্ঠীৰ লগতে বৰ্মন, কছাৰী, কলিতা, গোৰ্খা, কুৰুখ (অৰাঅ’), কোঁচ ৰাজবংশী, শৰণীয়া কছাৰী, ৰাভা, সূত্ৰধাৰ, মদাহী-কছাৰী, নাথ-যোগী, গৰিয়া, আদিবাসী, হিন্দী ভাষী, কেওট, হাজং, বৰ্মন মন্দাই, ওড়িয়া, জলহা, দেশী, সন্থাল, বেংগলী (আৰু নমশূদ্ৰ, কৈৱৰ্ত, মালী, হিৰা আদি), মুণ্ডা, গাৰো, মুছলিম সম্প্ৰদায়বোৰক লৈ সকলোৰে সৈতে সকলোৰে বিকাশ নীতি বিশ্বাস ৰাখি প্ৰশাসন নীতি চলাই গৈছে, যাৰ ফলত বিটিআৰ শান্তি-সম্প্ৰীতি আৰু একে সময়তে উন্নয়ন সম্ভৱ হৈছে।

প্ৰায় ৩০ বছৰ কাল বড়ো ছাত্ৰ সংগঠনৰ সৈতে জড়িত হৈ থাকি বড়ো জাতিটোৰ উত্তৰণৰ বাবে অহৰ্নিশে কাম কৰি যোৱা নেতা প্ৰমোদ বড়োৱে ইউপিপিএল দল গঠন কৰি যি ধৰণে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ অংশ হৈ পৰিছে সেই পদক্ষেপে বড়ো জাতিক উত্তৰণৰ এক নতুন দিগন্ত প্ৰদান কৰিছে।

বিপিএফ দলৰ শাসনকালত সঘনাই উত্থাপিত অভিযোগ যেনে ৰাজনৈতিক অভিসন্ধি, দুৰ্নীতিৰ অবাধ বেহা, উন্নয়নক পিঠি দি ব্যক্তিগত উত্তৰণ আদিবোৰ এতিয়া শূন্যপ্ৰায় হৈ পৰিছে। সাধাৰণ বড়ো-অবড়ো ৰাইজৰ মাজত প্ৰমোদ বড়োৰ স্বচ্চ ভাৱমূ্ৰ্তি, লগতে শান্তি আৰু সম্প্ৰীতিৰ হকে কাম কৰি যোৱা নেতা হিচাপে থকা ছবিখনে ইউপিপিএলক সৰ্বাংগীন বিকাশৰ একমাত্ৰ মাধ্যম কৰি তুলিছে।

মূলত হিংসাৰে জৰ্জৰিত, ভাতৃঘাটি সংঘৰ্ষৰে জৰুলা হৈ থকা একালৰ বড়ো ভূমিত ২০২০ চনৰ পাছৰ পৰা যি ধৰণে শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে সেয়া একমাত্ৰ দেখাজনেহে বুজে। সকলোৰে সৈতে সকলোৰে বিকাশৰ নীতিৰ মাধ্যমত শিক্ষিত নেতা প্ৰমোদ বড়োৱে শান্তিৰ লগতে উন্নয়নৰ ওপৰতো বিশেষ গুৰুত্ব দিয়াৰ ফলত বিজেপি-ইউপিপিএল নেতৃত্বৰ বিটিচি প্ৰশাসনে বড়োভূমিত শান্তিৰ লগতে উন্নয়নৰ হকে কাম কৰি গৈছে।

Tags: #AssamBTCBTC ElectionpoliticsPramod Boro

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 12, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 12, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 12, 2026
ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত
Top News

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

March 11, 2026
ইৰাণ, আমেৰিকাৰ পৰা কুৱেইট, ওমানলৈকে… মধ্যপ্ৰাচ্যৰ যুদ্ধত কোন দেশে কিমান লোক হেৰুৱালে?
Top News

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

March 11, 2026
ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ
Top News

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

March 11, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত ড্ৰ’ন বিস্ফোৰণ, এজন ভাৰতীয়কে ধৰি ৪ জন লোক আহত

মধ্যপ্ৰাচ্যত মহাযুদ্ধ! ইৰাণৰ ১৬খনকৈ জাহাজৰ ওপৰত আমেৰিকাৰ বিভীষিকা

ছবিজগতৰ সত্যতা প্ৰকাশ এইগৰাকী বলীউড অভিনেত্ৰীৰ, প্ৰযোজকৰ এই কাৰ্য্যত এমাহ ধৰি স্থবিৰ কেৰিয়াৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025