আপোনাৰ নামত চৰকাৰৰ বিনামূলীয়া আয়ুষ্মান কাৰ্ড আছে নেকি? আয়ুষ্মান কাৰ্ডৰ জৰিয়তে আপুনি বিনামূলীয়া চিকিসা লাভ কৰিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেতিয়াহলে আপুনি সাৱধান হওঁক।
কিয়নো হাস্পতাল কৰ্তৃপক্ষই অচল ঘোষণা কৰিব পাৰে আপোনাৰ আয়ুষ্মান কাৰ্ডখন। শেহতীয়াকৈ এনেকুৱা এক ঘটনা সংঘটিত হৈছে বঙাইগাঁৱত। বঙাইগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিং হোমত বন্ধ হৈ পৰিল আয়ুষ্মান কাৰ্ড।
বঙাইগাঁও ল’ৱাৰ আছাম হাস্পতাল এন্ড ৰিছাৰ্চ চেন্টাৰ নামৰ ব্যক্তিগত নাৰ্ছিং হোমখনত সংঘটিত হৈছে এই ঘটনা। কোনো ধৰণৰ চৰকাৰী জাননি নিদিয়াকৈ ব্যক্তিগত নাৰ্ছিং হোমখনে বন্ধ বুলি ঘোষণা কৰিলে আয়ুষ্মান কাৰ্ডক।
অভিযোগ অনুসৰি, ব্যক্তিগত নাৰ্ছিং হোমখনত ১০ গৰাকী ৰোগী চিকিসাধীন হৈ আছে। এইসকল ৰোগীক প্ৰয়োজন আছিল আয়ুষ্মান কাৰ্ডৰ। কিয়নো আৰ্থিক অৱস্থা স্বচ্ছল নাছিল ৰোগীসকলৰ।
অৱশ্যে, চিকিসালয়খনৰ কৰ্তৃপক্ষই আয়ুষ্মান কাৰ্ডখনৰ ব্যৱহাৰ নহয় বুলি স্পষ্ট কৰাৰ লগে লগে এতিয়া হাহাকাৰ লাগিছে ৰোগীৰ পৰিয়ালৰ মাজত।
উল্লেখ্য যে, এই আঁচনি বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰীভাবে আগতীয়াকৈ কোনো লিখিত জাননী দিয়া হোৱা নাছিল৷ স্বাস্থ্য বিভাগৰ পৰা নাৰ্ছিং হোম কৰ্তৃপক্ষক বুধবাৰে হঠাতে ফোনযোগে এই কথা জনোৱা হয়৷ চৰকাৰৰ এনে অবিবেচক সিদ্ধান্তত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বঙাইগাঁৱত ৷
ইপিনে নাৰ্ছিং হোম কৰ্তৃপক্ষৰ পৰা জনোৱা মতে, আয়ুস্মান আঁচনিৰ অধীনত চিকিৎসালখনত চিকিৎসাৰ বাবদ চৰকাৰৰ পৰা প্ৰায় ২ কোটিৰো অধিক টকা অনাদায় হৈ আছে ৷