বৰ্ষাকালীন অধিৱেশন সমাপ্ত হোৱাৰ পিছতে এখন বিশেষ ফটোক লৈ এতিয়া তীব্ৰ চৰ্চা চলিছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত। এই ফটোখনত একেলগে দেখা গৈছে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী জে পি নাড্ডা আৰু কংগ্ৰেছ দলৰ সাংসদ প্ৰিয়ংকা গান্ধীক।
জানিব পৰা মতে, আজি বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডাক সাক্ষাত কৰে সাংসদ প্ৰিয়ংকা গান্ধীয়ে। কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰতিনিধিত্ব কৰা ৱায়ানাড সমষ্টিৰ স্বাস্থ্য সম্বন্ধীয় কিছু সমস্যা ক্ষীপ্ৰতাৰে সমাধান কৰাৰ বাবে স্বাস্থ্যমন্ত্ৰীগৰাকীক সাক্ষাত কৰা বুলি সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে।
প্ৰিয়ংকা গান্ধীয়ে জে পি নাড্ডাক বৰ্তমানেও কাৰ্যক্ষম নোহোৱা মনন্তাৱডীত চিকিৎসা মহাবিদ্যালয়ৰ অভাৱত স্থানীয় ৰাইজে সন্মুখীন হোৱা গুৰুতৰ সমস্যাৰ বিষয়েও অৱগত কৰে।
প্ৰিয়ংকা গান্ধীয়ে কয় যে তেওঁ ৱায়ানাডৰ জনজাতীয় লোকসকলৰ বাবে উন্নত স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা, তেওঁলোকৰ নিৰ্দিষ্ট স্বাস্থ্যজনিত সমস্যা, এন এইচ এমৰ ধন বাকী থকা আৰু অঞ্চলটোত পশুৰ আক্ৰমণৰ ক্ষেত্ৰত বিশেষ ট্ৰমা চেণ্টাৰৰ প্ৰয়োজনীয়তাৰ বিষয়েও আলোচনা কৰে।
প্ৰিয়ংকা গান্ধীয়ে জনাইছে যে জে পি নাড্ডাৰ সৈতে হোৱা বৈঠকৰ সময়ত কেৰালাৰ বাবে এইমছৰ দীৰ্ঘদিনীয়া দাবীও পুনৰবাৰ উল্লেখ কৰিছে।
প্ৰিয়ংকা গান্ধীয়ে কয় যে জে পি নাড্ডাই তেওঁলোকৰ সকলো দাবী শুনিছিল আৰু মুকলিকৈ আলোচনা কৰে। প্ৰিয়ংকাই কয় যে এই বিষয়বোৰক উপযুক্ত মনোযোগ দিয়া হ’ব বুলিও আশাবাদী।