ঘোষণা কৰা হ’ল বিটিচি নিৰ্বাচনৰ দিন। নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি ২২ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। ২৬ ছেপ্তেম্বৰত হ’ব ভোটগণনা।
নিৰ্বাচন আয়োগে জাৰি কৰা বিবৃতি অনুসৰি, এই নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২ ছেপ্তেম্বৰ। ৪ ছেপ্টেম্বৰত হ’ব মনোনয়ন পৰীক্ষা। মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন ৬ ছেপ্টেম্বৰ।
পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ হ’বলগীয়া ভোটগ্রহণত মুঠ ২৬,৫৭,৯৩৭ গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব। মুঠ ভোটাৰৰ ভিতৰত ১৩,২৩,৩৯৯ গৰাকী পুৰুষ ভোটাৰ আৰু ১৩,৩৪,৫২১ গৰাকী মহিলা ভোটাৰ।
উল্লেখ্য যে, মুঠ ৪০টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। ইয়াৰে ৩০টা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত। ৫টা সমষ্টি সংৰক্ষিত অজনজাতীয় লোকৰ বাবে। অন্য ৫টা সমষ্টি সকলো জনগোষ্ঠীয় লোকৰ বাবে মুকলি।