দেশবাসীয়ে সোঁৱৰণ কৰিলে কাৰ্গিল বিজয় দিৱস। কাৰ্গিল বিজয় দিৱসৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি শ্বহীদ বীৰ জোৱান বিভূতি ৰয়ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ তৰফৰ পৰা ধুবুৰী জিলাৰ গোলকগঞ্জত বীৰ শ্বহীদ গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
বীৰ শ্বহীদ গৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ যুৱ মৰ্চাৰ ফালৰ পৰা বীৰ শ্বহীদ গৰাকীৰ আত্মবলিদানক সোঁৱৰণ কৰে। লগতে, শ্বহীদ বিভূতি ৰয়ৰ পিতৃ মাতৃৰ চৰণ ধুই দিয়ে যুৱ মৰ্চাৰ কৰ্মকৰ্তা সকলে ।
ইফালে, বীৰ শ্বহীদ গৰাকীৰ সমাধিস্থলীৰ কাষতে বিভূতি ৰয়ৰ সোঁৱৰণত এখন পাৰ্ক আৰু এটা প্ৰতিমূৰ্তি স্থাপনৰ বাবে অতি শীঘ্ৰেই চৰকাৰৰ লগত আলোচনা কৰিব বুলি ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক গণেশ দাসে জানিবলৈ দিয়ে ।
উল্লেখ্য যে, ২০১৩ চনৰ কেদাৰনাথত হোৱা প্ৰাকৃতিক দুৰ্যোগৰ সময়ত তীৰ্থ যাত্ৰীৰ প্ৰাণ বচাই গন্তব্য স্থানত উভতি অহাৰ সময়ত হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল বিভূতি ৰয়ৰ।