অলিম্পিকত অংশগ্ৰহণ কৰাটো প্ৰতিজন খেলুৱৈৰ বাবে এক স্পপ্ন। এবাৰ হলেও অলিম্পিকত অংশগ্ৰহণ কৰিব বিচাৰে প্ৰতিজন খেলুৱৈয়ে। তেনেকুৱা এগৰাকী খেলুৱৈ হৈছে ভাৰতৰ ১৪ বছৰীয়া সাঁতোৰবিদ ধিনিধি দেসিংঘু। ধিনিদি দেসিংঘু হৈছে পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় দলৰ আটাইতকৈ কনিষ্ঠ খেলুৱৈ। পেৰিছ অলিম্পিকত ২০০ মিটাৰ ফ্ৰীষ্টাইল ইভেণ্টত প্ৰতিদ্বন্দিতা কৰিব ধিনিদ দেসিংঘুৱে।
উল্লেখ্য যে, ধিনিদি দেসিংঘু এতিয়ালৈ অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতৰ দ্বিতীয় কনিষ্ঠতম প্ৰতিযোগী। এই অভিলেখটো মাত্ৰ ১১ বছৰ বয়সত ১৯৫২ চনৰ হেলচিংকি অলিম্পিকত অংশগ্ৰহণ কৰা আৰতি শ্বাহৰ নামত লিপিবদ্ধ আছে। বেংগালুৰুৰ নৱম শ্ৰেণীৰ ছাত্ৰ ধিনিদি দেসিংঘুয়ে ইউনিভাৰ্চেলিটি কোটা প্ৰণালীৰ জৰিয়তে পেৰিছ অলিম্পিকৰ বাবে টিকট লাভ কৰিছে।
ইণ্ডিয়ান এক্সপ্ৰেছৰ এক প্ৰতিবেদন অনুসৰি, ধিনিদি দেসিংঘুৰ প্ৰায় তিনি বছৰ বয়সলৈকে কথা ক’বলৈ সমস্যা হৈছিল। ইমানে লাজকুৰীয়া আছিল যে, আনৰ ওচৰলৈ যাবলৈ ভয় কৰিছিল। কন্যাৰ আচৰণ দেখি পিতৃ-মাতৃয়ে খেল খেলিবলৈ অনুপ্ৰাণিত কৰিছিল। ঘৰৰ ওচৰতে এটা পুল থকাৰ বাবে সাঁতোৰক পচন্দৰ খেল হিচাপে বাচনি কৰিছিল খেলুৱৈ গৰাকীয়ে।
ইফালে, সাঁতোৰৰ সময়ত পানীক ভয় কৰিছিল ধিনিদি দেসিংঘুৱে। ৬ বছৰ বয়সৰ পৰাই সাঁতোৰৰ প্ৰশিক্ষণ লৈছিল খেলুৱৈগৰাকী। লাহে-লাহে ভয় কমিছিল ধিনিদি দেসিংঘুৰ। শেষত সাঁতোৰ বিদ্যাতে অলিম্পিকত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে ধিনিদি দেসিংঘুৱে।
উল্লেখ্য যে, ধিনিদি দেসিংঘুৱে ৰাষ্ট্ৰীয় ক্ৰীড়াত সাতটা সোণৰ পদক জয় কৰা আটাইতকৈ কম বয়সীয়া মহিলা সাঁতোৰবিদ হোৱাৰ গৌৰৱ লাভ কৰিছে। তেওঁ ইতিমধ্যে মহিলাৰ ২০০ মিটাৰ ফ্ৰীষ্টাইল ৰাষ্ট্ৰীয় অভিলেখ গঢ়িছে। তেওঁ ২০২২ চনৰ হাংঝৌ এছিয়ান গেমছতো অংশগ্ৰহণ কৰিছে।