শ্ৰেয়াছ আয়াৰক লৈ আহিছে এটা ডাঙৰ খবৰ। প্ৰকাশ পোৱা খবৰ অনুসৰি, বিচিচিআইৰ নিৰ্বাচক সমিতিয়ে অষ্ট্ৰেলিয়া এ’ৰ বিৰুদ্ধে খেলিবলগীয়া দুখন চাৰিদিনীয়া মেচৰ বাবে শ্ৰেয়াছ আয়াৰক ভাৰতীয় এ’ দলৰ নেতৃত্ব প্ৰদান কৰিছে।
এই মেচ দুখনৰ বাবে ধ্ৰুৱ জুৰেলক উপ-অধিনায়কৰ দায়িত্ব প্ৰদান কৰা হৈছে।
দুলীপ ট্ৰফীৰ প্ৰথমখন ছেমিফাইনেলত দক্ষিণ মণ্ডলৰ হৈ প্ৰথম ইনিংছত ১৯৭ ৰানৰ এক দৰ্শনীয় ইনিংছ খেলা এন জগদীশনক অষ্ট্ৰেলিয়া এ’ৰ বিৰুদ্ধে ভাৰতীয় দলত উইকেটকীপাৰ হিচাপে নিৰ্বাচিত কৰিছে।
এই দলটোত প্ৰতিভাৱান যুৱ ক্ৰিকেটাৰ দেৱদত্ত পাড়িকল, আয়ুষ বাডোনি আৰু নিতীশ কুমাৰ ৰেড্ডীৰ নামো আছে। দলটোত বলাৰ হিচাপে স্থান দিয়া হৈছে প্ৰসিদ্ধ কৃষ্ণা, গুৰ্ণুৰ বৰাড়, খলীল আহমদ, মানৱ ছুথাৰ আৰু য়শ ঠাকুৰ।
ইফালে প্ৰথম মেচখনৰ পিছত দলত যোগ দিব কে এল ৰাহুল আৰু মহম্মদ ছিৰাজে। এই শৃংখলাটো ১৬ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব।
অষ্ট্ৰেলিয়া এ’ৰ বিৰুদ্ধে খেলিবলগীয়া মেচ দুখন
১৬-১৯ ছেপ্তেম্বৰ- লক্ষ্ণৌ
২৩-২৬ ছেপ্তেম্বৰ- লক্ষ্ণৌ
ভাৰতীয় এ’ দলটো
শ্ৰেয়াছ আয়াৰ (অধিনায়ক), অভিমন্যু ঈশ্বৰণ, এন জগদীশন, ছাই সুদৰ্শন, ধ্ৰুৱ জুৰেল (উপ-অধিনায়ক), দেৱদত্ত পাড়িকল, হৰ্ষ ডুবে, আয়ুষ বাডোনি, নিতীশ কুমাৰ ৰেড্ডী, তনুষ কৌটিয়ান, প্ৰশিদ্ধ কৃষ্ণা, গুৰ্ণুৰ বৰাড়, খলীল আহমেদ, মানব ছুথাৰ, য়শ ঠাকুৰ।