ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সযোগে মেক্ৰনৰ সৈতে হোৱা কথা-বতৰাৰ তথ্য শ্বেয়াৰ কৰে।
ফোনযোগে হোৱা বাৰ্তালাপৰ সময়ত মোদীয়ে মেক্ৰনৰ সৈতে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধ সন্দৰ্ভতো আলোচনা কৰে। তেওঁ দুয়োখন দেশৰ যুদ্ধৰ অন্ত পেলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
ইয়াৰ সমান্তৰালকৈ দুয়োখন দেশৰ শীৰ্ষ নেতা দুজনে ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্কৰ বিষয়েও আলোচনা কৰে।
শুল্ক যুদ্ধক লৈ ভাৰত আৰু আমেৰিকাৰ মাজত সম্পৰ্ক বেয়া হ’বলৈ ধৰাৰ সময়তে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে হোৱা প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তাই বিশেষ তাপৰ্য বহন কৰিছে।
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট দি প্ৰধানমন্ত্ৰী মোদীয়ে মেক্ৰনৰ সৈতে হোৱা কথা-বতৰাৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে নিজৰ পোষ্টত লিখিছে, ‘ৰাষ্ট্ৰপতি মেক্ৰনৰ সৈতে অত্যন্ত ভাল আলোচনা হ’ল। আমি বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ অগ্ৰগতিৰ পৰ্যালোচনা আৰু ইতিবাচক মূল্যায়ন কৰিলোঁ। ইউক্ৰেইনত সংঘাত অতি সোনকালে শেষ কৰাৰ প্ৰচেষ্টাকে ধৰি আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক বিষয়সমূহৰ ওপৰত মত বিনিময় কৰিলো। ভাৰত-ফ্ৰান্সৰ কৌশলগত অংশীদাৰিত্বই বিশ্ব শান্তি আৰু স্থিতিশীলতা বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি যাব।’
বিগত এটা মাহৰ ভিতৰত দুয়োগৰাকী নেতাৰ মাজত এয়া আছিল দ্বিতীয়টো ফোনকল। দুয়োবাৰ দুয়োজন মেতাৰ মাজত ইউক্ৰেইনকে ধৰি আন আন বিষয়ত আলোচনা হয়।