বিহাৰৰ ৰাজগীৰত চলি থকা হকী এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰিছে আযোজক দেশ ভাৰতে। প্ৰতিযোগিতাখনৰ ছুপাৰ-৪ৰ অন্তিমখন খেলত ভাৰতে চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।
ছুপাৰ-৪ত ভাৰতে প্ৰথম স্থান দখল কৰে। ফাইনেলত ভাৰতৰ মুখামুখি হ’ব কোৰিয়া। প্ৰতিযোগিতাৰ ফাইনেল মেচখন দেওবাৰ অৰ্থাত ৭ ছেপ্তম্বৰত অনুষ্ঠিত হ’ব।
চীনৰ বিৰুদ্ধে খেলা আজিৰ মেচখনত ভাৰতৰ হৈ শীলানন্দ লাক্ৰা (৫’), দিলপ্ৰীত সিং (৭’), মনদ্বীপ সিং (১৮’), ৰাজকুমাৰ পাল (৩৭’), সুখজীত (৩৯’), অভিষেক (৪৬’, ৪৯’) গ’ল দিয়ে।
মেচখনৰ আৰম্ভণিৰ পৰা আক্ৰমণাত্মক হোৱা ভাৰতক ৰুধিবলৈ সম্পূৰ্ণ ব্যৰ্থ হোৱা পৰিলক্ষিত হয় চীনৰ খেলুৱৈসকলক। আৰম্ভণিৰ পৰা শেষলৈকে সংগ্ৰাম কৰা দেখা গৈছিল চীনক।
উল্লেখ্য যে, দেওবাৰে যদি ভাৰতে খিতাপ দখল কৰে, তেন্তে হকী বিশ্বকাপৰ বাবে পোনপটীয়া যোগ্যতা অৰ্জন কৰিব।