৮ ছেপ্তেম্বৰত আমেৰিকাৰ কংগ্ৰেছৰ হাউছ অভাৰচাইট কমিটীৰ ডেম’ক্ৰেটসকলে জিঅ’ফ্ৰে এপষ্টেইনলৈ লিখা ‘অশ্লীল সংকেত’ থকা এখন পত্ৰ প্ৰকাশ কৰে। এই পত্ৰখনত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ স্বাক্ষৰ থকা বুলি অভিযোগ উঠিছে। অৱশ্যে ট্ৰাম্পে এই দাবী সম্পূৰ্ণৰূপে নাকচ কৰিছে।
এই পত্ৰখন ২০০৩ চনত এপষ্টেইনৰ ৫০ বছৰীয়া জন্মদিনৰ বাবে প্ৰস্তুত কৰা এলবামত অন্তৰ্ভুক্ত কৰা হৈছিল। এপষ্টেইন আছিল এজন ধনী আৰু প্ৰভাৱশালী বিত্তীয় ব্যক্তি যি এসময়ত ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ বন্ধু আছিল। ২০১৯ চনত নিউয়ৰ্কৰ এখন কাৰাগাৰত তেওঁ আ*ত্ম*হ*ত্যা কৰে। মহিলাৰ সৈতে অপকৰ্ম আৰু নাবালিকা সৰবৰাহৰ অভিযোগত বিচাৰৰ বাবে অপেক্ষা কৰি আছিল।
ট্ৰাম্পে কয় যে তেওঁ এই পত্ৰখনও একো লিখা নাছিল আৰু কোনো মহিলাৰ আকৃতিও ইয়াত অংকন কৰা হোৱা নাছিল। প্ৰথমে এই বিষয়ত বাতৰি প্ৰকাশ কৰা দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ বিৰুদ্ধেও তেওঁ ১০ বিলিয়ন ডলাৰৰ মানহানিৰ গোচৰ তৰিছে।
হোয়াইট হাউছৰ প্ৰেছ সচিব কেৰ’লিন লেভিটে সংবাদ মাধ্যমত লিখিছে যে, এইটো স্পষ্ট যে ৰাষ্ট্ৰপতি ট্ৰাম্পে এই পত্ৰখনত ছবি অংকন কৰা নাছিল আৰু তেওঁ স্বাক্ষৰো কৰা নাছিল। ৰাষ্ট্ৰপতিৰ আইনী দলটোৱে এই বিষয়ে আক্ৰমণাত্মকভাৱে তদন্ত চলাই যাব। একে সময়তে ডেপুটি ছিফ অৱ ষ্টাফ টেইলৰ বুড’ভিচে ট্ৰাম্পৰ বিগত বছৰবোৰৰ স্বাক্ষৰৰ ছবি পোষ্ট কৰি লিখিছে, ‘এয়া তেওঁৰ স্বাক্ষৰ নহয়।’
এই প্ৰকাশে পুনৰবাৰ ট্ৰাম্প আৰু এপষ্টেইনৰ পুৰণি বন্ধুত্বক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ট্ৰাম্পে কয় যে, তেওঁ প্ৰায় ২০ বছৰ পূৰ্বে এপষ্টেইনৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰিছিল কিয়নো তেওঁ মাৰ-এ-লাগো ৰিজ’ৰ্টত কাম কৰা বহু যুৱতীক ‘সৰবৰাহ’ কৰিছিল, য’ত এপষ্টেইনৰ বিৰুদ্ধে অপকৰ্মৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছিল।