নেপালৰ পৰিস্থিতি অহৰহ অধিক ভয়াৱহ হৈ আছে। প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰিছে। ৰাজধানী কাঠমাণ্ডুকে ধৰি বহু অঞ্চলত অগ্নিসংযোগ, ভাঙি-ছিঙি, শিলগুটি নিক্ষেপৰ ঘটনা সংঘটিত হৈছে।
GEN Z প্ৰতিবাদকাৰীৰ ওচৰত সেওঁ মানি নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে কৰিলে পদত্যাগ। সেনাপ্ৰধানৰ সৈতে আলোচনা কৰি পদত্যাগ কৰিলে নেপালৰ প্ৰধানমন্ত্ৰীয়ে। ইতিমধ্যে উন্মাদ প্ৰতিবাদকাৰীয়ে সেনাৰ পৰা কাঢ়ি নিছে অস্ত্ৰ। প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌডেলৰ ব্যক্তিগত বাসগৃহ দখল কৰি ভাঙি জুই লগাই দিয়ে।
সংসদ ভৱন পৰ্যন্ত দখল কৰিছে প্ৰতিবাদকাৰীয়ে। ইখনৰ পিছত সিখনকৈ বিমানত উঠি মন্ত্ৰীসভাৰ ১৫ জনকৈ মন্ত্ৰীয়ে নেপালৰ পৰা পলায়ন কৰিছে।
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ দলৰ নেতা ৰঘুবীৰ মহাসেথ আৰু মাওবাদী সভাপতি প্ৰচন্দৰ ঘৰতো আক্ৰমণৰ ঘটনা সংঘটিত হৈছিল। গৃহমন্ত্ৰী ৰমেশ লেখক, কৃষি মন্ত্ৰী ৰামনাথ অধিকাৰী, স্বাস্থ্যমন্ত্ৰীকে ধৰি ৫ মন্ত্ৰীয়ে পদত্যাগ কৰিছে। প্ৰধানমন্ত্ৰী অলিয়ে চিকিৎসাৰ নামত ডুবাইলৈ যাবলৈ সাজু হৈছে আৰু উপ-প্ৰধানমন্ত্ৰীৰ হাতত ভাৰপ্ৰাপ্ত দায়িত্ব অৰ্পণ কৰাৰ সিদ্ধান্ত লৈছে।
কাৰ্ফিউ আৰু কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজতো প্ৰতিবাদৰ পৰিসৰ বৃদ্ধি পোৱাৰ লগতে ৰাজনৈতিক সংকট গভীৰ হৈ আহিছে। সম্পূৰ্ণ মন্ত্ৰী সভা ভংগ হৈ পৰিছে। শক্তি মন্ত্ৰীৰ ঘৰৰ পৰা টকাৰ বৰষুণ হৈছে।