ভাৰতে জয়েৰে আৰম্ভ কৰিলে এছিয়া কাপৰ অভিযান। ৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা এছিয়া কাপৰ আজি দ্বিতীয়খন মেচত ভাৰতে ইউ এ ইৰ বিৰুদ্ধে একপক্ষীয় বিজয় সাব্যস্ত কৰে।
টছত পৰাস্ত হৈ প্ৰথমে বেট ধৰা ইউ এ ইয়ে ভাৰতীয় বলাৰৰ আগত সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰা পৰিলক্ষিত হয়। দলটোৱে মাত্ৰ ৫৭ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়।
ইয়াৰ প্ৰত্যুত্তৰত ভাৰতে মাত্ৰ ৪.৩ অভাৰতে ১টা উইকেট হেৰুৱাই সহজ বিজয় লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ অপেনাৰ অভিষেক শৰ্মাই ৩০ ৰান কৰি আউট হোৱাৰ বিপৰীতে আনগৰাকী অপেনাৰ শুভমন গিলে ২০ আৰু অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৭ ৰানত অপৰাজিত হৈ ৰয়।
ভাৰতৰ এই সহজ জয়ৰ আঁৰত আছিল বলাৰসকলৰ দুৰ্দান্ত প্ৰদৰ্শন। দীৰ্ঘদিনৰ মূৰত ভাৰতীয় দলত খেলাৰ সুযোগ পোৱা বাঁওহতীয়া স্পিনাৰ কুলদীপ যাদৱে মাতৰ ৭ ৰান খৰচ কৰি ৪টা উইকেট লাভ কৰে। অলৰাউণ্ডাৰ শিৱম ডুবেই তিনিটা, বুমৰাহ, অক্ষৰ আৰু বৰুণ চক্ৰৱৰ্তীয়ে এটাকৈ উইকেট লাভ কৰে।