গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাৰ অন্তৰ্গত চুনাৰি চৰত ভূমি কেন্দ্ৰিক সংঘাতত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজনকৈ লোক গুৰুতৰভাবে আহত হোৱাৰ খবৰ লাভ কৰা গৈছে।
জানিব পৰা মতে, এডোখৰ ভূমিক লৈ বহুদিন ধৰি দুই পক্ষৰ মাজত চলি আছিল কন্দল। আজি চুনাৰিৰ কেইজনমান লোক উক্ত ভূমিত খেতি কৰিবলৈ যাওঁতেই আন এটা পক্ষৰ প্ৰায় ২০০ জনীয়া বৃহৎ দলে হাতে হাতে লাঠি, দা আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।
আক্ৰমণত মনোৱাৰ হুছেইন আৰু ছাত্তাৰ আলী নামৰ দুজন ব্যক্তি গুৰুতৰভাৱে আহত হোৱাত দুয়োজনকে লক্ষীপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। লগতে গুৰুতৰভাৱে আহত পাঁচজনক উন্নত চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হৈছে।
উক্ত ঘটনাই সমগ্ৰ চুনাৰি অঞ্চলত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই হিংসাত্মক ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী বাহিনীৰ এটা বৃহত দল মোতায়েন কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে।