নেপালৰ GEN Z আন্দোলনৰ সময়ত গাজিয়াবাদৰ পৰা অহা এটা পৰিয়ালৰ ধৰ্মীয় যাত্ৰা ট্ৰেজেডীলৈ ৰূপান্তৰিত হৈছে। দৰাচলতে পৰিয়ালটোৱে থকা কাঠমাণ্ডুৰ বিলাসী হোটেলখনত প্ৰতিবাদকাৰীয়ে অগ্নিসংযোগ কৰে। এই দুৰ্ঘটনাত এগৰাকী মহিলাৰ প্ৰাণহানি হোৱাৰ বিপৰীতে এতিয়াও কেইবাগৰাকীও ভাৰতীয় পৰ্যটক তাত আৱদ্ধ হৈ আছে।
যোৱা ৭ ছেপ্তেম্বৰত নেপালৰ পশুপতিনাথ মন্দিৰ পৰিদৰ্শন কৰিবলৈ ৰামবীৰ সিং গোলা (৫৮) আৰু তেওঁৰ পত্নী ৰাজেশ গোলা কাঠমাণ্ডুলৈ গৈছিল।। ৯ ছেপ্টেম্বৰৰ নিশা হিংসাত্মক প্ৰতিবাদৰ সময়ত তেওঁলোক থকা পঞ্চতাৰকাযুক্ত হোটেলত জুই লাগে।
কাঠমাণ্ডুকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত ৮ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হৈছিল GEN Z প্ৰতিবাদ, তাৰ পিছত এই প্ৰতিবাদসমূহ হিংসাত্মক ৰূপ লৈছিল। এই প্ৰতিবাদকাৰীসকলে চৰকাৰক ছ’চিয়েল মিডিয়াত থকা নিষেধাজ্ঞা উঠাই ল’বলৈ দাবী জনায়। আন্দোলন হিংসাত্মক ৰূপ ধাৰণ কৰাৰ লগে লগে প্ৰতিবাদকাৰীসকলে সংসদত প্ৰৱেশ কৰি বহু চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত জুই জ্বলাই দিয়ে। লগতে শ্বপিং মল আৰু হোটেলতো অগ্নি সংযোগ কৰে।
আত্মীয়ৰ মতে, ৰামবীৰ গোলা আৰু তেওঁৰ পত্নী ৰাজেশ গোলা এখন হোটেলৰ ওপৰৰ মহলাত থকাৰ সময়তে প্ৰতিবাদকাৰীয়ে তলৰ মহলাত জুই লগাই দিয়ে। আতংকিত হৈ ৰামবীৰে পৰ্দা ব্যৱহাৰ কৰি পত্নীক নমাই আনিবলৈ চেষ্টা কৰে, কিন্তু পত্নীয়ে তেওঁৰ হাতৰ পৰা পিছলি পৰে। ৰাজেশ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে চিকিৎসালয়লৈ নিয়াৰ সময়ত অত্যাধিক ৰক্তক্ষৰণৰ ফলত মৃত্যু হয়। শুকুৰবাৰে নিশা প্ৰায় ১০:৩০ বজাত পৰিয়ালৰ লোকে তেওঁৰ মৃতদেহ গাজিয়াবাদৰ মাষ্টাৰ কলনীত থকা নিজৰ বাসগৃহলৈ লৈ আহে।
নিহত মহিলাগৰাকীৰ পুত্ৰ বিশালে অভিযোগ কৰি কয় যে, নেটৱৰ্ক সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱা বাবে তেওঁ নিজৰ পিতৃ-মাতৃৰ সৈতে সংযোগ স্থাপন কৰিব পৰা নাছিল। অৱশেষত পিতৃক ৰিলিফ কেম্পত পাই যদিও মাতৃৰ হস্পিতালত মৃত্যু হয়। ভাৰতীয় দূতাবাসৰ পৰা ‘অতি কম’ সহায় পোৱা বুলিও অভিযোগ কৰে বিশালে।