প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ প্ৰয়াত মাতৃ হীৰাবেনক লৈ কৃত্ৰিম বুদ্ধিমত্তা (এ আই)ৰ দ্বাৰা নিৰ্মিত এটা ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। বুধবাৰে বিহাৰ কংগ্ৰেছৰ অফিচিয়েল এক্স হেণ্ডেলযোগে শ্বেয়াৰ কৰা এ আই/ডিপফেক ভিডিঅ’ৰ বিৰুদ্ধে শনিবাৰে দিল্লীৰ এখন আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ স্বৰ্গগামী মাতৃ হীৰাবেনৰ ভাবমূৰ্তিক বদনামৰ লগতে মহিলাৰ মৰ্যাদাৰ গুৰুতৰ উলংঘাৰ কথা উল্লেখ আছে এজাহাৰখনত।
এই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ধাৰা ১৮(২), ৩৩৬(৩), ৩৩৬(৪), ৩৪০(২), ৩৫২, ৩৫৬(২) আৰু ৬১(২)ৰ অধীনত গোচৰ ৰুজু কৰিছে।
দিল্লী বিজেপিৰ নিৰ্বাচনী চেলৰ আহ্বায়ক সংকেত গুপ্তাই কংগ্ৰেছৰ বিৰুদ্ধে কৰা অভিযোগৰ পিছতেই দিল্লী আৰক্ষীয়ে ওপৰত উল্লেখিত ধাৰা সমূহ সন্নিবিষ্ট কৰি গোচৰ ৰুজু কৰে।
ইফালে ৰাজনীতিৰ পৰিসীমাৰ বাহিৰলৈ গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত জীৱন আৰু পৰিয়ালৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে বিজেপিয়ে।