মণিপুৰ ভ্ৰমণৰ অন্তত শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদীয়ে বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে খানাপাৰাত ‘ভাৰত ৰত্ন’ ভূপেন হাজৰিকাৰ বছৰজোৰা কাৰ্যসূচীৰে আয়োজন কৰা জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত ভাষণ দি তেওঁ কয় যে তেওঁৰ সংগীতত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ ধাৰণাটো সন্নিৱিষ্ট কৰা হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘ইয়াত যি দৃশ্য দেখিলো, যি উৎসাহ আৰু সমন্বয় দেখিলো, ভূপেন দাৰ ভাষাত যদি কওঁ, তেন্তে মোৰ মনলৈ বাৰে বাৰে আহি আছিল, ‘সময় ও ধিৰে চলো, সময় ও ধিৰে চালো’।
মোদীয়ে কয়, ‘মাত্ৰ কিছুদিন পূৰ্বে অৰ্থাত ৮ ছেপ্টেম্বৰত ভূপেন হাজৰিকা জীৰ জন্মদিন পাৰ হৈ গ’ল। সেইদিনা ভূপেন দাক উৎসৰ্গিত কৰি এটা প্ৰবন্ধত মোৰ অনুভৱ প্ৰকাশ কৰিলো। তেওঁৰ জন্ম শতবাৰ্ষিকীৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱাটো মোৰ সৌভাগ্য।’
তেওঁ আৰু কয় যে ভূপেন দাক আমি সকলোৱে মৰমেৰে ‘সুধাকণ্ঠ’ বুলি মাতিছিলো। ভাৰতৰ অনুভূতিক কণ্ঠদান কৰা, সংবেদনশীলতাৰ সৈতে সংগীতক সংযোগ কৰা আৰু মাতৃ গংগাৰ আগত ভাৰত মাতৃৰ মমতা কোৱা সুধাকণ্ঠৰ এই জন্ম শতবাৰ্ষিকী।
তেওঁ কয়, ‘আজি ভূপেন দা শাৰীৰিকভাৱে আমাৰ মাজত নাথাকিলেও তেওঁৰ কণ্ঠই ৰাইজক শক্তি প্ৰদান কৰে। তেওঁৰ গীতে ভাৰতক ঐক্যৰ দোলেৰে বান্ধি ৰাখে। ভাৰতৰ সাংস্কৃতিক পৰম্পৰাৰ মাজত তেওঁ গভীৰভাৱে শিপাই আছিল। যি সময়ত অঞ্চলটোত হিংসাই আৱৰি ধৰিছিল, সেই সময়ত তেওঁ ঐক্যবদ্ধ উত্তৰ-পূবৰ বাবে মাত মাতিছিল।’
হাজৰিকাৰ স্মৃতিত মুকলি কৰিলে ১০০ টকীয়া মুদ্ৰা
ভূপেন হাজৰিকা ‘ভাৰত ৰত্ন’ৰে সন্মানিত হোৱাটো সমগ্ৰ উত্তৰ-পূবৰ বাবে এক গৌৰৱৰ কথা। এই উপলক্ষে মোদীয়ে মহান শিল্পীগৰাকীৰ জীৱনৰ আধাৰত এখন গ্ৰন্থ উন্মোচন কৰে। হাজৰিকাৰ স্মৃতিত ১০০ টকীয়া বিশেষ মুদ্ৰাও মুকলি কৰে।
প্ৰধানমন্ত্ৰীয়ে কয়, ‘অসমত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ অংশ হ’বলৈ পাই মই সন্মানিত অনুভৱ কৰিছো।’