২০১৬ চনত মুক্তি পোৱা শ্বাহিদ কাপুৰ আৰু আলিয়া ভাটৰ ছবি ‘উড়তা পঞ্জাৱ’। সেই সময়ত কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণীকৰণ ব’ৰ্ডৰ অধ্যক্ষ আছিল পহলাজ নিহালানী। অনুৰাগ কাশ্যপ আছিল ‘উড়তা পঞ্জাৱ’ৰ সহ-প্ৰযোজক। সেই সময়ত পহলাজ আৰু অনুৰাগৰ মাজত কিছু খাম-খেয়ালিৰ খবৰ প্ৰচলিত আছিল। কেৱল এয়াই নহয়, উড়তা পঞ্জাৱ মুক্তিৰ পূৰ্বে ছবিখনৰ কিছু অংশ অনলাইনত ফাদিল হৈছিল। পহলাজে কয় যে, অনুৰাগ কাশ্যপে নিজেই এই ছবিৰ অংশ অনলাইনত ফাদিল কৰিছিল।
অনুৰাগ কাশ্যপে একতা কাপুৰৰ সৈতে এই ছবিখন প্ৰযোজনা কৰিছিল। যেতিয়া ছবিখন চেন্সৰ ব’ৰ্ডত দ্বাৰস্থ হয়, তেতিয়া চেন্সৰ ব’ৰ্ডে ছবিখনক অশ্লীল আখ্যা দি মুক্তিৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। পিছত চেন্সৰ ব’ৰ্ডে ছবিখনত প্ৰায় ৮৯টা কাট কৰিবলৈ নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত অনুৰাগ কাশ্যপে পহলাজক একনায়কত্ববাদী বুলিও অভিহিত কৰে। এতিয়া পহলাজে সেই বিষয়ত মুখ খুলিছে।
এক আছুতীয়া সাক্ষাৎকাৰত পহলাজ নিহালানীয়ে কয় যে, একতা আৰু শোভাই চেঞ্চৰ ব’ৰ্ডে জাপি দিয়া কৰ্তনৰ প্ৰতি সন্মতি দিছিল। পিছে অনুৰাগ কাশ্যপৰ ছবিখনে বিতৰ্কৰ মাজতো বিশেষ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম নহয়। তাৰ পিছত প্ৰডাকচন কোম্পানীটোৰ চিইঅ’ও জীতেন্দ্ৰই নিজেই অফিচলৈ আহিছিল চাৰ্টিফিকেট ল’বলৈ। তেওঁ কৰ্তনৰ অনুমোদন দিছিল আৰু য’ত তেওঁলোকে প্ৰয়োজনীয় বুলি অনুভৱ কৰিছিল, সেই অংশই কাটি দিয়ে।
ছবিখন মুক্তি পোৱাৰ পূৰ্বে ছবিখনৰ এটা ৪০ মিনিটৰ ভিডিঅ’ ফাদিল হৈছিল। সেই ভিডিঅ’ লিকটোৰ কথা কওঁতে পহলাজ নিহালানীয়ে কয় যে, অনুৰাগ কাশ্যপে অনুভৱ কৰিছিল যে, যদিও ছবিখন মুক্তি পাবলৈ মাত্ৰ ৬ দিন বাকী আছে, কিন্তু দৰ্শকৰ মাজত ছবিখনৰ হাইপটো গঢ় লৈ উঠা নাছিল।তাৰ পিছত ছবিখনৰ কিছু ভিডিঅ’ লিক কৰিছিল। গতিকে এই বিতৰ্ক অনুৰাগে নিজেই সৃষ্টি কৰিছিল।