দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। ১৪ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে মঙলদৈৰ সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছৰ বিৰুদ্ধে এই তীব্ৰ মন্তব্য কৰে।
তেওঁ কয় যে, কংগ্ৰেছে সদায় ভাৰত বিৰোধী শক্তিৰ সৈতে থিয় দি অনুপ্ৰৱেশকাৰীক সুৰক্ষা প্ৰদানৰ বাবে কাম কৰি আহিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, এতিয়া বিজেপি চৰকাৰে অবৈধ অনুপ্ৰৱেশ বন্ধ কৰিবলৈ মিছন মোডত কাম কৰি আছে। যাৰ কংগ্ৰেছে তীব্ৰ বিৰোধিতা কৰিছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, যেতিয়া কংগ্ৰেছ ক্ষমতাত আছিল, তেতিয়া সন্ত্ৰাসবাদী কাণ্ডৰ বাবে দেশ কঁপি আছিল। অপাৰেচন সিন্দুৰৰ সময়ত কংগ্ৰেছে পাকিস্তান সেনাৰ সৈতে থিয় দিছিল। পাকিস্তানৰ মিছা কথা কংগ্ৰেছৰ বাবে এজেণ্ডা হৈ পৰে।
উল্লেখ্য যে, ১৪ ছেপ্টেম্বৰত মঙলদৈত দৰং মেডিকেল কলেজ, গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু কুৰুৱা-নাৰেংগী দলঙৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে।