মন্ত্ৰীসভাৰ ৰদবদলৰ পূৰ্বে মেঘালয়ৰ ৮ গৰাকী মন্ত্ৰীয়ে মন্ত্ৰী পৰিষদৰ পৰা পদত্যাগ কৰাৰ খবৰ আহিছে। পদত্যাগ কৰা ৮ গৰাকী মন্ত্ৰীৰ ভিতৰত আছে আল হেক, পল লিংডো আৰু আমপাৰীন লিংডোৰ দৰে শীৰ্ষ নেতা।
এন পি পি নেতৃত্বাধীন মেঘালয় ডেম’ক্ৰেটিক এলায়েন্স চৰকাৰৰ মুৰব্বী তথা ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই শ্বিলঙৰ ৰাজভৱনত ৰাজ্যপাল চি এইচ বিজয়শংকৰক সাক্ষাৎ কৰি মন্ত্ৰীসকলৰ পদত্যাগৰ পত্ৰ দাখিল কৰে বুলি জানিব পৰা গৈছে।
ইফালে নতুনকৈ দায়িত্ব লাভ কৰিবলগীয়া মন্ত্ৰীসকলে আজিয়েই বিয়লি ৫ বজাত ৰাজভৱনত শপত ল’ব। এই কথা জানিব দিয়ে এগৰাকী শীৰ্ষ বিষয়াই।
কনৰাড চাংমা নেতৃত্বাধীন মন্ত্ৰী পৰিষদৰ পৰা পদত্যাগ কৰা মন্ত্ৰীসকল হৈছে এনপিপিৰ আমপাৰীন লিংডো, কামিংগোন ইমবন, ৰাক্কাম এ চাংমা আৰু আবু তাহেৰ মণ্ডল। ইউডিপিৰ পল লিংডো আৰু কাইৰমেন চিল্লা। HSPDPৰ শ্বাকলিয়াৰ ৱাৰজ্ৰি আৰু বিজেপিৰ আল হেক।
কনৰাড মন্ত্ৰীসভাৰ পৰা এই আঠজন শীৰ্ষ নেতাৰ পদত্যাগে কেবিনেটত নতুন মন্ত্ৰীক নিযুক্তি দিয়াৰ পথ মুকলি কৰি দিয়ে।