ৰাজপথত সাধাৰণ লোকক অত্যাচাৰ কৰা বাটৰুৱা কুকুৰক লৈ ডাঙৰ নিৰ্দেশনা জাৰি কৰিছে যোগী আদিত্যনাথ নেতৃত্বাধীন উত্তৰ প্ৰদেশ চৰকাৰে। এতিয়াৰে পৰা বাটৰুৱা কুকুৰে যদি কোনো লোকক আক্ৰমণ কৰে বা দুবাৰকৈ কামোৰে তেন্তে সেই কুকুৰটোক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰা হ’ব।
এই খবৰটো আচহুৱা যেন লাগিলেও কুকুৰৰ আক্ৰমণৰ বাবে মানুহে সন্মুখীন হোৱা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধান সচিব নগৰ উন্নয়ন অমৃত অভিজাতে ৰাজ্যৰ সকলো পৌৰসভালৈ এক নতুন নিৰ্দেশ জাৰি কৰিছে। ইয়াত আক্ৰমণকাৰী কুকুৰক শাস্তি দিয়াৰ ব্যৱস্থা কৰা হৈছে।
এই নিৰ্দেশ অনুসৰি কুকুৰে যদি প্ৰথমবাৰৰ বাবে কাৰোবাক কামোৰে তেন্তে দহ দিনৰ শাস্তি আৰু দ্বিতীয়বাৰ কামুৰিলে আজীৱন পশু জন্ম নিয়ন্ত্ৰণ কেন্দ্ৰত ৰখা হ’ব।
যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি পোৱা কুকুৰ এটাক কোনো লোকে আনুষ্ঠানিকভাৱে আঁকোৱালি ল’লেহে মুকলি কৰি দিয়া হ’ব। অৱশ্যে আক্ৰমণকাৰী আৰু হিংসাত্মক কুকুৰক শাস্তি প্ৰদানৰ বাবে জাৰি কৰা নিৰ্দেশত কিছু চৰ্তও ধাৰ্য্য কৰা হৈছে।
ইয়াৰ বাবে চৰকাৰী চিকিৎসালয়ত চিকিৎসাৰ প্ৰমাণ পত্ৰ প্ৰদান কৰিব লাগিব ভুক্তভোগীয়ে। চিকিৎসাৰ লগতে কুকুৰটোক এবিচি চেণ্টাৰত পৰ্যবেক্ষণত ৰখা হ’ব। দহ দিনৰ মূৰত এবিচি চেণ্টাৰৰ পৰা এৰি দিয়াৰ পূৰ্বে কুকুৰটোৰ শৰীৰত এটা মাইক্ৰ’চিপ স্থাপন কৰা হ’ব। এই মাইক্ৰ’চিপৰ জৰিয়তে কুকুৰটোৰ আচৰণ নিৰীক্ষণ কৰা হ’ব।
উত্তৰ প্ৰদেশ চৰকাৰে জাৰি কৰা এই নিৰ্দেশনা লাভ কৰাৰ পিছতে পৌৰসভাসমূহে এই সন্দৰ্ভত কাম আৰম্ভ কৰা বুলিও জানিব পৰা গৈছে। ইফালে চৰকাৰৰ এই নিৰ্দেশনাত সৰ্বসাধাৰণ লোক উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে।