হাৰ্টথ্ৰব জুবিন গাৰ্গৰ মৃত্যুক লৈ শোকস্তব্ধ ৰাজ্য। কোটি-কোটি অনুৰাগীক কন্দুৱাই আজি অজান দেশলৈ গুচি গ’ল সকলোৰে মৰমৰ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে এতিয়া ৰাজ্যৰ ঠায়ে ঠায়ে শ্যামকানু মহন্তৰ বিৰুদ্ধে আৰম্ভ হৈছে প্ৰতিবাদ।
নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তৰ হেমাহীৰ বাবেই অসমবাসীয়ে জুবিন গাৰ্গক হেৰুওৱা বুলি অভিযোগ তুলি মৰিগাঁও সদৰ থানাত শ্যামকানু মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। শ্যামকানুৰ উপৰি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থৰ নামো আছে এজাহাৰত।
মৰিগাঁও উকিল সন্থাৰ হৈ অধিবক্তা ৰাতুল বৰাই এই এজাহাৰ দাখিল কৰে।
উল্লেখ্য যে, নৰ্থ-ইষ্ট ফেষ্টিভেলৰ বাবে ছিংগাপুৰলৈ গৈছিল জুবিন গাৰ্গ। এই ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই অশুস্থ জুবিন গাৰ্গক কিয় বহিঃৰাষ্ট্ৰলৈ লৈ গৈছিল আৰু কিয় তেওঁক সাগৰলৈ যোৱাত বাধা দিয়া নাছিল তাক লৈ ক্ষোভত ফাটি পৰিছে অনুৰাগী।
জুবিন গাৰ্গৰ এই অঁকাল মৃত্যুৰ বাবে শ্যামকানু মহন্ত দায়ী বুলি ইতিমধ্যে বিভিন্ন লোকে সামাজিক মাধ্যমৰ জৰিয়তে ক্ষোভ প্ৰকাশ কৰিছে। আনহাতে বিভিন্ন জনে শ্যামকানু মহন্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীও উত্থাপন কৰিছে।