দেওবাৰে বাক্সা জিলাত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনাত ভাৰতীয় সেনাৰ ২৮ বছৰীয়া এগৰাকী জোৱানে প্ৰাণ হেৰুৱায়। মৃত্যু হোৱা জোৱানজনক শালবাৰীৰ সৰুগাতি গাঁৱৰ গোপী সূত্ৰধৰ বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা অনুসৰি, দেওবাৰে পুৱা এ এছ ১২ এ এ ৮৪৯৮ নম্বৰৰ বুলেট মটৰ চাইকেলখনৰ সৈতে ভৱানীপুৰ-মানাহ লিংক ৰোডত জোৱানজন পৰি থকা অৱস্থাত উদ্ধাৰ হয়।
পুৱাতে স্থানীয় ৰাইজে তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰাত এই ঘটনা পোহৰলৈ আহে। স্থানীয় লোকসকলে ততাতৈয়াকৈ বাঁহবাৰী আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলত আৰক্ষীৰ লোক উপস্থিত হৈ দুৰ্ঘটনাৰ কাৰণ জানিবলৈ তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, অলপতে ছুটী লৈ ঘৰলৈ উভতি অহা সেনা জোৱানজনে কিছু দিন পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল।
ভাৰতীয় সেনা জোৱানজনৰ এই অকাল মৃত্যুক কেন্দ্ৰ কৰি গাঁওখনৰ লগতে সমগ্ৰ অঞ্চলটোত এক শোকাকূল পৰিৱেশে বিৰাজ কৰিছে।
সেনাৰ তৰফৰ পৰাও শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰা হৈছে আৰু এই জটিল সময়ত প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱা হ’ব বুলিও জনায়।