ইউক্ৰেইনৰ ওপৰত ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ। শনিবাৰে পুৱা ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ বিভিন্ন অঞ্চলক লক্ষ্য কৰি বৃহৎ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’ন আক্ৰমণ চলায়। এই আক্ৰমণত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হোৱাৰ খবৰ আহিছে।
ইউক্ৰেইনৰ তৰফৰ পৰা জানিব দিয়া মতে, ৰাছিয়াই কমেও ৬১৯খন ড্ৰ’ন আৰু ৫০টাতকৈও অধিক বেলিষ্টিক আৰু ক্ৰুজ মিছাইলেৰে ব্যাপক আক্ৰমণ চলাইছিল।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে নিপ্ৰাপেট্ৰ’ছ, মায়কোলাইভ, চেৰ্ণিহাইভ, জাপোৰিজিয়া, পোল্টাভা, কীভকে ধৰি মুঠ ৯টা স্থানত ৰাছিয়াৰ সেনা বাহিনীয়ে আক্ৰমণ চলায়।
জেলেনস্কিয়ে কয়, ‘শত্ৰুৰ লক্ষ্য আছিল আমাৰ আন্তঃগাঁথনি, আৱাসিক এলেকা আৰু বেচৰকাৰী প্ৰতিষ্ঠান।’
ইউক্ৰেইনৰ সেনা বাহিনীয়ে ৫৫২টা ড্ৰ’ন, দুটা বেলিষ্টিক মিছাইল আৰু ২৯টা ক্ৰুজ মিছাইল নিষ্ক্ৰিয় কৰি পেলায় বুলি জানিব দিয়ে।