পুনৰ বিপদত দিল্লী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী সত্যেন্দ্ৰ জৈন। প্ৰৱৰ্তনকাৰী সঞ্চালকালয় চমুকৈ ইডিয়ে তেওঁৰ কোম্পানীসমূহৰ সৈতে জড়িত ৭.৪৪ কোটি টকাৰ সম্পত্তি জব্দ কৰিছে। ধন সৰবৰাহ প্ৰতিৰোধ আইন (পিএমএলএ)ৰ অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
দিল্লী চৰকাৰত মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ সময়তে সত্যেন্দ্ৰ জৈনে ২০১৫ চনৰ ফেব্ৰুৱাৰীৰ পৰা ২০১৭ চনৰ মে’ মাহৰ ভিতৰত আয়তকৈ অধিক সম্পত্তি আহৰণ কৰা বুলি চিবিআইৰ এফআইআৰৰ ভিত্তিত ইডিয়ে তদন্ত আৰম্ভ কৰিছিল।
এই গোচৰত চিবিআইয়ে ইতিমধ্যে ২০১৮ চনত সত্যেন্দ্ৰ জৈন আৰু তেওঁৰ পত্নী পুনম জৈনৰ লগতে আন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল।
তদন্তত প্ৰকাশ পাইছে যে ২০১৬ চনৰ নৱেম্বৰ মাহত বিমুদ্ৰাকৰণৰ লগে লগে জৈনৰ ঘনিষ্ঠ সহযোগী অংকুশ জৈন আৰু বৈভৱ জৈনে বেংকত ৭.৪৪ কোটি টকা জমা কৰিছিল। এই ধন তেওঁলোকে কেইবাটাও কোম্পানীৰ নামত দেখুৱাইছিল যদিও এই কোম্পানীবোৰ আচলতে সত্যেন্দ্ৰ জৈনৰ নিয়ন্ত্ৰণত আছিল।
ইতিমধ্যে ইডিয়ে ৪.৮১ কোটি টকাৰ সম্পত্তি জব্দ কৰিছিল। এতিয়া ৭.৪৪ কোটি টকাৰ সম্পত্তি জব্দ কৰাৰ লগে লগে জব্দ কৰা মুঠ সম্পত্তিৰ পৰিমাণ ১২.২৫ কোটি টকা হয়।
এই গোচৰত অতি সোনকালে ইডিয়ে পৰিপূৰক চাৰ্জ শ্বীট দাখিল কৰিব। বৰ্তমান এই গোচৰৰ শুনানি চলি আছে দিল্লীৰ ৰাউজ এভিনিউ আদালতত।