সমাগত দুৰ্গা পূজা। পূজা-দীপাৱলীৰ দৰে উৎসৱৰ বতৰৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ ৰে’ল কৰ্মচাৰীৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয় কেন্দ্ৰীয় চৰকাৰে।
দীপাৱলীৰ পূৰ্বে ভাৰতীয় ৰে’লৱেৰ গ্ৰুপ চি আৰু গ্ৰুপ ডি’ৰ কৰ্মচাৰীসকলে ৭৮ দিনৰ বোনাছ লাভ কৰিব। কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণাৰ জৰিয়তে দেশৰ লাখ-লাখ কৰ্মচাৰী উপকৃত হ’ব।
খবৰ অনুসৰি দেশৰ প্ৰায় ১১.৫ লাখ কৰ্মচাৰীয়ে লাভ কৰিব এই ধন। বোনাছৰ ধনৰাশি পোনপটীয়াকৈ কৰ্মচাৰীৰ একাউণ্টত জমা কৰা হ’ব।
কোনে কোনে লাভ কৰিব এই বোনাছ
ট্ৰেক মেইণ্টাৰ, ল’ক’ পাইলট, ট্ৰেইন মেনেজাৰ (গাৰ্ড), ষ্টেচন মাষ্টাৰ, ছুপাৰভাইজাৰ, টেকনিচিয়ান, টেকনিচিয়ান হেল্পাৰ, পইণ্টমেনেকে ধৰি অন্যান্য গ্ৰুপ ‘চি’ৰ কৰ্মচাৰী। ইয়াৰ উপৰি বিভিন্ন শ্ৰেণীৰ ৰে’লৱে কৰ্মচাৰীক এই বোনাছ প্ৰদান কৰা হ’ব।