জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হোৱাৰ লগতে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিবাদ। জুবিন গাৰ্গৰ মৃত্যুৰ বাবে নৰ্থ-ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক জগৰীয়া কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দাখিল কৰা হৈছে এজাহাৰ।
এই এজাহাৰৰ পিছতেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিষয়টো তদন্তৰ বাবে চি আই ডিক নিৰ্দেশ প্ৰদান কৰে। জুবিন অনুৰাগীৰ ক্ষোভৰ উমান দেখা পাই চি আই ডিৰ দলে ইতিমধ্যেই আৰম্ভ কৰিছে ঘটনাৰ তদন্ত।
বিষয়টোৱে অধিক চৰ্চা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত আজি মুখ্যমন্ত্ৰী শৰ্মাই জুবিনৰ মৃত্যুৰ তদন্তৰ বাবে এটা বিশেষ তদন্তকাৰী দল (এছ আই টি) গঠন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে আৰক্ষী সঞ্চালক প্ৰধানক।
এই সকলোবোৰৰ মাজতেই ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। বিভিন্ন দল সংগঠনৰ লগতে আজি গুৱাহাটী মহানগৰীৰ চান্দমাৰীত শিল্পী সমাজেও সাব্যস্ত কৰে প্ৰতিবাদ।
এই প্ৰতিবাদৰ মাজতেই জুবিন গাৰ্গৰ সৈতে মঞ্চত একেলগে গীত পৰিৱেশন কৰা ছুইটি দাসে সিদ্ধাৰ্থ শৰ্মা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত এক বিস্ফোৰণ মন্তব্য কৰিছে।
তেওঁৰ মন্তব্য অনুসৰি জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা সম্প্ৰতি শ্বিলঙত আত্মগোপন কৰি আছে। দিল্লীত থকা কথাটো মিছা বুলি উল্লেখ কৰি সিদ্ধাৰ্থ শৰ্মাই শ্বিলঙত আত্মগোপন কৰি আছে।
প্ৰতিবাদকাৰী শিল্পীসকলে লগতে জুবিন গাৰ্গৰ অঁকাল মৃত্যুৰ বাবে দায়ী সিদ্ধাৰ্থ শৰ্মাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবেও দাবী জনায়।