জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ গঠন কৰা হ’ল বিশেষ তদন্তকাৰী দল (এছ আই টি)। ১০ জনীয়া এই দলটোক নেতৃত্ব প্ৰদান কৰিব চিআইডিৰ এডিজিপি এম পি গুপ্তাই।
এই দলটোৰ আন সদস্যসকল হৈছে
ৰজী কলিতা, মৰমী কলিতা, লব ডেকা, তৰুণ গোয়েল, পৰিমিতা সৰকাৰ, ধ্ৰুৱজ্যোতি বৰা, মুক্তাজুৰ ৰহমান, কৃষাণু পাঠক আৰু গীৰেন্দ্ৰ কেওট।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা জানিব দিয়ে। তেওঁ শ্বেয়াৰ কৰা প’ষ্টটোত কয়, ‘আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক মৃত্যু সন্দৰ্ভত ত্বৰান্বিত গতিৰে অসম আৰক্ষীয়ে তদন্তৰ কাম কৰিছে। এই সন্দৰ্ভত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ সৈতে খন্তেক সময় আগতে হোৱা বৈঠকত প্ৰদান কৰা নিৰ্দেশনা অনুসৰি শ্ৰী এম পি গুপ্তাৰ নেতৃত্বত ইতিমধ্যে এখন বিশেষ তদন্তকাৰী গোট গঠন কৰা হৈছে।’