শেহতীয়াকৈ লাডাখৰ লেহত সংঘটিত হিংসাত্মক প্ৰতিবাদৰ সৈতে জড়িত গোচৰত সোনম ৱাংচুকক গ্ৰেপ্তাৰ কৰা হৈছে। এই হিংসাত্মক ঘটনাত চাৰিজন লোক নিহত হোৱাৰ লগতে প্ৰায় ৭০ জন লোক আহত হয়।
বিগত কিছুদিনৰ পৰা হৈ থকা প্ৰতিবাদে লাডাখত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। বিজেপিৰ কাৰ্যালয়কে ধৰি বিভিন্ন সম্পত্তি ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বিভিন্ন স্থানত অগ্নিসংযোগো কৰে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে।
এই হিংসাত্মক পৰিস্থিতিৰ পিছতে বৃহস্পতিবাৰে কেন্দ্ৰীয় চৰকাৰে লাডাখৰ কৰ্মী সোনম ৱাংচুকৰ এন জি অ’টোৱে লাভ কৰা বিদেশী পুঁজিৰ অনুজ্ঞাপত্ৰও বাতিল কৰে। এই পদক্ষেপৰ পিছত আজি তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
লাডাখক পূৰ্ণাংগ ৰাজ্য গঠনৰ দাবীত আৰম্ভ হোৱা ছাত্ৰ-ছাত্ৰীৰ হিংসাত্মক প্ৰতিবাদৰ ২৪ ঘন্টাৰ পিছতেই সোনম ৱাংচুকক গ্ৰেপ্তাৰ কৰাৰ ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।










