আজি ৰাতিপুৱা ৮ বজাৰ পৰা চলি আছে বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হোৱা ভোটগণনা পুৱাৰে পৰা কটকীয়া নিৰাপত্তাৰ মাজেৰে চলি আছে।
শেহতীয়া তথ্য মতে, চিৰাং জিলাৰ নিছিমা সমষ্টি আৰু কোকৰাঝাৰৰ ৬ নং কচুগাঁও সমষ্টিৰ পৰা বি পি এফৰ প্ৰাৰ্থীয়ে জয় লাভ কৰিছে। অৱশ্যে কচুগাঁৱৰ ফলাফল আনুষ্ঠানিকভাৱে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা নাই।
নিছিমা সমষ্টিৰ পৰা জেমছ বসুমতাৰীয়ে ইউ পি পি এলৰ প্ৰাৰ্থীক পৰাস্ত কৰি জয় লাভ কৰে।
ইফালে শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, বি পি এফ দলে এই পৰ্যন্ত ১৮খন আসনত অগ্ৰগতি লাভ কৰিছে। আনহাতে ইউ পি পি এলে ৮, বিজেপিয়ে ১১ আৰু অন্যান্যই এখন আসনত অগ্ৰগতি লাভ কৰি আছে।
ভোটগণনাৰ শেহতীয়া তথ্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে এইবাৰ বিটিচিৰ শাসনভাৰ হাগ্ৰামা মহিলাৰীৰ হাতলৈ যাব।