শুকুৰবাৰে ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে ৰাজস্থানৰ শ্ৰী গংগানগৰৰ ঘড়ছানাৰ ২২ এমডি গাঁৱৰ সীমান্তৱৰ্তী অঞ্চলত উপস্থিত হৈ সেনা আৰু সীমান্ত সুৰক্ষা বাহিনীৰ বিষয়াসকলৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। এই সময়ছোৱাত স্থল সেনা প্ৰধানগৰাকীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শন কৰি ভাৰতীয় সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে পাকিস্তানক কঠোৰ সতৰ্কবাণী জাৰি কৰে। যদি পাকিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰে তেন্তে পাকিস্তানক মানচিত্ৰৰ পৰা মচি পেলোৱা হ’ব বুলিও সকীয়নি প্ৰদান কৰে।
তেওঁ উল্লেখ কৰে যে এইবাৰ ভাৰতীয় সেনাই পূৰ্বৰ দৰে সংযম প্ৰদৰ্শন নকৰে। যদি পাকিস্তানে সন্ত্ৰাসবাদ বিয়পোৱা বন্ধ নকৰে তেন্তে শীঘ্ৰে দ্বিতীয় পৰ্যায়ৰ ‘অপাৰেশ্যন সেন্দুৰ’ আৰম্ভ হ’ব পাৰে।
জেনেৰেল দ্বিবেদীয়ে উল্লেখ কৰে যে অপাৰেশ্যন সেন্দুৰ ১.০ৰ সময়ত ভাৰতীয় সেনাই পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰিছিল। এই অভিযানত প্ৰায় ১০০ পাকিস্তানী সেনাৰ জোৱান আৰু কেইবাজনো সন্ত্ৰাসবাদী নিহত হয়।
তেওঁ উল্লেখ কৰে যে অপাৰেশ্যন সেন্দুৰৰ সফলতাৰ কাৰণ সেনা জোৱান আৰু স্থানীয় লোক।
অনুপগড়ৰ এটা সেনা চকী পৰিদৰ্শন কৰি জেনেৰেল দ্বিবেদীয়ে কয়, ‘এইবাৰ আমি অপাৰেশ্যন সেন্দুৰ ১.০ৰ দৰে সংযম নাৰাখো। যদি তেওঁলোকে নিজৰ স্থিতি বজাই ৰাখিব বিচাৰে তেন্তে ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্ৰাসবাদ বন্ধ কৰিব লাগিব।’
ইফালে এই কাৰ্যসূচীৰ সময়ছোৱাতে অপাৰেশ্যন সেন্দুৰ ১.০ৰ সময়ত সাহসিকতাৰে উকৃষ্ট প্ৰদৰ্শন আগবঢ়োৱা তিনিগৰাকী শীৰ্ষ বিষয়াক বিশেষ সন্মান প্ৰদান কৰে। স্থল সেনা প্ৰধানগৰাকীয়ে বি এছ এফৰ ১৪০ নং বেটেলিয়নৰ কমাণ্ডেণ্ট প্ৰভাকৰ সিং, ৰাজপুতনা ৰাইফলছৰ মেজৰ ৰিতেশ কুমাৰ আৰু হাবিলদাৰ মোহিত গেৰাক এই অৱদানৰ বাবে সন্মানিত কৰা হয়।