কাহৰ ঔষধ (কফ চিৰাপ) সেৱন কৰাৰ ফলত মধ্য প্ৰদেশ আৰু ৰাজস্থানত কেইবাজনো শিশুৰ অস্বাভাৱিক মৃত্যু হোৱাৰ ঘটনাক গুৰুত্ব সহকাৰে লৈ কেন্দ্ৰীয় চৰকাৰে এক নতুন পৰামৰ্শ জাৰি কৰিছে। ইয়াৰ মাজতে কেন্দ্ৰীয় আৰু ৰাজ্যিক সংস্থাসমূহৰ যৌথ তদন্তত এই চিৰাপত বিষাক্ত ৰাসায়নিক পদাৰ্থ নাই বুলি নিশ্চিত কৰা হৈছে।
কেন্দ্রীয় চৰকাৰে উল্লেখ কৰিছে যে শিশুসকলক অত্যাধিক পৰিমাণৰ কাহৰ চিৰাপ দিয়াটো বিপদজনক হ’ব পাৰে। এই কথা লক্ষ্য ৰাখি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ DGHS য়ে উল্লেখ কৰিছে যে দুবছৰৰ তলৰ শিশুক কাহৰ চিৰাপ দিব নালাগে।
এতিয়ালৈকে হোৱা তদন্তত নিশ্চিত হৈছে যে কাহৰ ঔষধত ডাইইথাইলিন গ্লাইকল (DEG) বা ইথিলিন গ্লাইকল (EG) নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থ নাথাকে, যিবোৰে বৃক্কৰ গুৰুতৰ ক্ষতি কৰে বুলি জনা যায়।