মধ্য প্ৰদেশৰ চিণ্ডৱাড়াত বিষাক্ত কফ চিৰাপ সেৱনৰ ফলত ১৪ জনকৈ শিশুৰ মৃত্যু হোৱাৰ ঘটনাৰ পিছত কঠোৰ হৈছে প্ৰশাসন। এই ঘটনাটোক অত্যন্ত গুৰুত্বসহকাৰে গ্ৰহণ কৰি আৰক্ষীয়ে কলড্ৰিফ চিৰাপ সেৱন কৰিবলৈ দিয়া চিকিৎসক ডাঃ প্ৰবীণ ছোনীক গ্ৰেপ্তাৰ কৰিছে।
ইয়াৰ উপৰি এই কফ চিৰাপ বনোৱা তামিলনাডুৰ ফাৰ্মা কোম্পানী sresun ফাৰ্মাচিউটিকেলৰ সঞ্চালকৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছে।
আনহাতে ঘটনা অতি গুৰুতৰ ৰূপ ধাৰণ কৰাৰ পিছতেই মধ্য প্ৰদেশত কলড্ৰিফ চিৰাপৰ বিক্ৰীত নিষেধাজ্ঞা আৰোপ কৰিছে। এই কফ চিৰাপত বিষাক্ত পদাৰ্থ থকাৰ কথাও উল্লেখ কৰিছে প্ৰশাসনে।
উল্লেখ্য যে, চিণ্ডৱাড়াত কাহৰ চিৰাপ সেৱনৰ ফলত মৃত্যু হোৱা শিশুৰ সংখ্যা বৃদ্ধি পাইছে। এই পৰ্যন্ত বৃক্ক বিকল হোৱাৰ বাবে ১৪ টা শিশুৰ মৃত্যু হৈছে।
ইফালে এই ঘটনা সন্দৰ্ভত শনিবাৰে মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে সামাজিক মাধ্যমৰ জৰিয়তে গুৰুত্বপূৰ্ণ মন্তব্যও কৰিছিল। তেওঁ এক্সত লিখিছিল, ‘কলড্ৰিফ চিৰাপৰ ফলত চিণ্ডৱাড়াত শিশুৰ মৃত্যু অত্যন্ত মৰ্মান্তিক। সমগ্ৰ মধ্য প্ৰদেশতে এই চিৰাপৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে। এই চিৰাপ প্ৰস্তুত কৰা কোম্পানীটোৰ অন্যান্য সামগ্ৰীৰ বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই চিৰাপ প্ৰস্তুত কৰা কাৰখানাটো আছে কাঞ্চিপুৰমত, সেয়ে ঘটনাৰ খবৰ পোৱাৰ পাছত ৰাজ্য চৰকাৰে তামিলনাডু চৰকাৰক তদন্ত কৰিবলৈ আহ্বান জনায়। আজি পুৱা তদন্তৰ প্ৰতিবেদন লাভ কৰিছো। আৰু এই প্ৰতিবেদনৰ ভিত্তিত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।’