ভাৰতৰ বিৰুদ্ধে এদিনীয়া আৰু টি-২০ শৃংখলাৰ বাবে ঘোষণা কৰা হ’ল অষ্ট্ৰেলিয়াৰ দল। দীৰ্ঘদিনৰ মূৰত এদিনীয়া দললৈ প্ৰত্যাৱৰ্তন ঘটিল মিচেল ষ্টাৰ্কৰ। ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাটোৰ বাবে ঘোষণা কৰা দলটোত মেথিউ ৰেনশ্ব’কো অন্তৰ্ভুক্ত কৰা হৈছে।
এদিনীয়া আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাৰ বাবে দলটোৰ অধিনায়ক হিচাপে থাকিব মিচেল মাৰ্ছ। আঘাতৰ বাবে পেট কামিন্স এই শৃংখলা দুটাৰ অংশ নহয়, আৰু গ্লেন মেক্সৱেলকো এদিনীয়া আৰু টি-২০ দলত নিৰ্বাচিত কৰা হোৱা নাই।
এদিনীয়া দল :
মিচেল মাৰ্ছ (অধিনায়ক), জেভিয়াৰ বাৰ্টলেট, এলেক্স কেৰী, কুপাৰ ক’ন’লি, বেন ডোৱাৰ্শ্বুইছ, নাথান এলিছ, কেমেৰন গ্ৰীণ, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, মিচেল ওৱেন, মেথিউ ৰেনশ্ব, মেথিউ শ্বৰ্ট, মিচেল ষ্টাৰ্ক, এডাম জাম্পা।
টি-২০ দল (প্ৰথম দুখন মেচ):
মিচেল মাৰ্ছ (অধিনায়ক), শ্বীন এবট, জেভিয়াৰ বাৰ্টলেট, টিম ডেভিড, বেন ডোৱাৰ্শ্বুইছ, নাথান এলিছ, জোছ হেজলউড, ট্ৰেভিছ হেড, জোছ ইংলিছ, মেথিউ কুহনেমেন, মিচেল ওৱেন, মেথিউ শ্বৰ্ট, মাৰ্কাছ ষ্টইনিছ, এডাম জাম্পা।
উল্লেখ্য যে, তিনিখন মেচৰ এদিনীয়া শৃংখলাটো অহা ১৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। আনহাতে পাঁচখন মেচৰ টি-২০ শৃংখলাটো ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব। এই শৃংখলাটোৰ অন্ত পৰিব ৮ নৱেম্বৰত।











