অৱশেষত ১১ দিনৰ মূৰত নিয়তিৰ ওচৰত হাৰ মানিলে পঞ্জাৱৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা অভিনেতা ৰাজবীৰ যাৱাণ্ডাই। ১১ দিন পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈ চিকিৎসাধীন হৈ থকা এইগৰাকী বহু প্ৰতিভাধৰ শিল্পীয়ে আজি চণ্ডীগড়ৰ এখন হাস্পতালত মৃত্যু ঘটে।
বুধবাৰে পুৱা প্ৰায় ১০.৫৫ মিনিটত চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পঞ্জাৱৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ অতি পৰিচিত গায়ক ৰাজবীৰে দুৰ্ঘটনাত পতিত হোৱাৰ পিছৰে পৰা সংকটজনক অৱস্থাত মোহালীস্থিত ফৰ্টিছ হাস্পতালত ভৰ্তি হৈ আছিল। তেতিয়াৰ পৰা তেওঁ লাইফ চাপোৰ্টত আছিল।
উল্লেখ্য যে, ৰাজবীৰে যোৱা ২৭ ছেপ্তেম্বৰত মটৰ চাইকেলেৰে চিমলালৈ গৈ থকা অৱস্থাত হিমাচল প্ৰদেশৰ ছোলান জিলাত দুৰ্ঘটনাত পতিত হৈছিল। কণ্ঠশিল্পী ৰাজবীৰে মূৰৰ লগতে মেৰুদণ্ডত গুৰুতৰ আঘাত পাইছিল।
‘কালী যাৱাণ্ডে দী’ৰ লগতে আন বহু কেইটা পাঞ্জাৱী গীতত কণ্ঠদান কৰি জনপ্ৰিয় হোৱা ৰাজবীৰৰ অকাল বিয়োগত এতিয়া মৰ্মাহত হৈ পৰিছে তেওঁৰ বহু অনুৰাগী। কণ্ঠশিল্পীৰ লগতে তেওঁ কেইবাখনো পাঞ্জাৱী ছবিতো অভিনয় কৰিছিল। ‘ছুবেদাৰ যোগিন্দৰ সিং’, ‘যিন্দ জান’ আছিল তেওঁ অভিনয় কৰা অন্যতম জনপ্ৰিয় ছবি।