মধ্যপ্ৰদেশৰ ছিণ্ডৱাৰাত কাহৰ চিৰাপ সেৱন কৰি কিডনীৰ সংক্ৰমণত আক্ৰান্ত হৈ প্ৰাণ হেৰুওৱা শিশুৰ ক্ষেত্ৰত বিশেষ তদন্তকাৰী দলে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে। শিশুৰ প্ৰাণ যোৱাৰ অভিযোগত অভিযুক্ত শ্ৰীছান ফাৰ্মাচিউটিকেলছৰ স্বত্বাধিকাৰী ৰংগনাথন গোবিন্দনক আটক কৰিছে। ৮ অক্টোবৰৰ নিশা এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
গ্ৰেপ্তাৰৰ পিছতে এছ আই টিয়ে অভিযুক্তক ট্ৰেনজিট ৰিমাণ্ডত মধ্যপ্ৰদেশলৈ আনিব। উল্লেখ্য যে, দূষিত কাহৰ চিৰাপ সেৱনৰ ফলত ছিণ্ডৱাৰাত মুঠ ১৬টা শিশুৰ মৃত্যু হৈছে।
সংবাদ সংস্থাৰ এক প্ৰতিবেদনত, মধ্যপ্ৰদেশৰ বিষয়াসকলে উল্লেখ কৰিছে যে ছিণ্ডৱাৰাত এই শিশুসকলে প্ৰাণ হেৰুৱাইছে। এই বিষাক্ত ক’লড্ৰিফ কাহৰ চিৰাপ সেৱনৰ ফলত শিশুৰ বৃক্ক বিকল হোৱাৰ সন্দেহ কৰা হৈছে। ৭ অক্টোবৰত ছিণ্ডৱাৰাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ধীৰেন্দ্ৰ সিঙে কয় যে, বৰ্তমানলৈকে ছিণ্ডৱাৰা জিলাত ১৬ টা শিশুৰ মৃত্যু হৈছে।











