আজি কোকৰাঝাৰৰ বডোফা নগৰৰ বিটিচি বিধান পৰিষদীয় ভৱনত ৪০ গৰাকী পাৰিষদৰ ভিতৰত ৩৭ গৰাকী পাৰিষদে আনুষ্ঠানিকভাৱে পাৰিষদ হিচাপে শপত গ্ৰহণ কৰে। বিটিচি বিধান পৰিষদৰ প্ৰটেম অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে নৱ-নিৰ্বাচিত পাৰিষদসকলক শপত বাক্য পাঠ কৰোৱায়।
বিটিচিৰ নৱ-নিৰ্বাচিত পাৰিষদৰ শপতগ্ৰহণ অনুষ্ঠানত ইউপিপিএলৰ সভাপতি তথা পাৰিষদ প্ৰমোদ বড়ো, ইউপিপিএলৰ আন এগৰাকী পাৰিষদ ৰাকেশ ব্ৰহ্ম আৰু বিজেপিৰ পাৰিষদ ৰেখাৰাণী দাস বড়োৱে ব্যক্তিগত কাৰণবশতঃ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাছিল।
ইয়াৰে ১৫ জনে বড়ো ভাষাত, ১৪ জন ইংৰাজী ভাষাত আৰু ৭ জন পাৰিষদে অসমীয়া ভাষাত শপত বাক্য পাঠ কৰে।
ইপিনে শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে বিটিচি বিধান পৰিষদৰ অধ্যক্ষ হিচাপে ত্ৰিদীপ দৈমাৰীক সৰ্বসন্মতি ক্ৰমে মনোনীত কৰা হয়। ওদালগুৰি সমষ্টিৰ পৰা জয়লাভ কৰা ত্ৰিদীপ দৈমাৰী বিপিএফৰ বিগত কাৰ্যকালত ( ২০১৫ চনৰ পৰা ২০২০ চনলৈ ) বিটিচি বিধান পৰিষদৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উপাধ্যক্ষ পৰবৰ্তী পৰ্যায়ত বাচনি কৰা হ’ব বুলি জানিব পৰা গৈছে।
ইপিনে বিটিচিৰ প্ৰথম অধিবেশনৰ পিছতে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে উপমুখ্য কাৰ্যবাহী ৰিহন দৈমাৰী আৰু বিপিএফৰ সকলো পাৰিষদক লৈ বিটিচিৰ মুখ্য সচিব আৰু বিষয়াসকলৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। উক্ত বৈঠকৰ পিছতে আয়োজিত হোৱা এক সংবাদ মেলত হাগ্ৰামা মহিলাৰীৰ উদ্ধৃতি দি বিপিএফৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে কয় যে ইউপিপিএল চৰকাৰৰ দিনত গঠন হোৱা সকলো বৰ্ড, নিকায়, নিগমসমূহ ভংগ কৰা হৈছে। অতি শীঘ্ৰেই ভিচিডিচি, টিচিএলচিচি, টাউন কমিটি, উন্নয়ন প্ৰাধীকিকৰণসমূহ নতুনকৈ গঠন কৰা হ’ব আৰু নতুনকৈ গঠন নোহোৱা পৰ্যন্ত কাৰ্যবাহী বিষয়াই দায়িত্বত থাকিব বুলি সদৰি কৰে।
আনহাতে শুকুৰবাৰৰ পৰা অৰ্থাৎ ১০ অক্টোবৰৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে চাৰ্ভে (জৰীপ) কৰা হ’ব বুলি সদৰি কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে। যিহেতু ৰাজ্যৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা জৰীপৰ শেষ দিন হিচাপে ১৩ অক্টোবৰ ধাৰ্য কৰা হৈছে যদিও জৰীপৰ শেষ দিনৰ পূৰ্বেই গোটেই বিটিচিত জৰীপ সম্পূৰ্ণ হোৱাৰ আশা ক্ষীণ বুলি মন্তব্য কৰিছে বিপিএফৰ পাৰিষদ দেৰহাছাৎ বসুমতাৰীয়ে।
ইয়াৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জৰীপৰ দিন বঢ়াই দিবলৈ বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীয়ে অনুৰোধ কৰিব বুলি সদৰি কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে।
ইফালে চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ সময়ত ৰাজনীতিকৰণ কৰা নহ’ব বুলি বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ হৈ মন্তব্য কৰে পাৰিষদ বসুমতাৰীয়ে।
সংবাদমেলত তেওঁ কয় যে পূৰ্বৰ চৰকাৰে চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাচনিৰ সময়ত যিদৰে ৰাজনৈতিক সন্ত্ৰাসবাদ, বৈষম্যবাদ গ্ৰহণ কৰিছিল সেয়া এইবাৰ সমূলি নহ’ব আৰু যিজন চৰকাৰী আঁচনিৰ হিতাধিকাৰী হোৱাৰ বাবে যোগ্য তেওঁ চৰকাৰী আঁচনি লাভ কৰিব।
আঁচনিৰ বাবে ৰাজনীতিকৰণ নহ’ব বুলি মন্তব্য কৰি অযোগ্য লোকে যাতে চৰকাৰী আঁচনি লাভ নকৰে তাৰ প্ৰতিও লক্ষ্য ৰখা হ’ব বুলি সদৰি কৰিছে দেৰহাছাৎ বসুমতাৰীয়ে।
তেওঁ কয়, ‘ভোটাৰে যি আশা লৈ ভোট দিছিল সেয়া বিপিএফ চৰকাৰে নিৰ্বাচনী ইস্তাহাৰ আৰু বিপিএফে দিয়া পাঁচটা গেৰাণ্টিৰ সৈতে পূৰণ কৰিব’।