আমেৰিকাৰ মিচিচিপিৰ এখন চহৰত হাইস্কুল ফুটবল খেলৰ সময়ত গুলীচালনাত কমেও ৬ জন লোকৰ কৰুণ মৃত্যুৰ লগতে প্ৰায় ১২ জন লোক আহত হৈছে। খবৰ অনুসৰি, ফুটবল খেলৰ পিছত মানুহ গোট খোৱা লেলেণ্ডৰ ডাউনটাউনত গুলীচালনা সংঘটিত হয়। লেলেণ্ডৰ মেয়ৰ জন লীয়ে এই কাণ্ডৰ বৰ্ণনা কৰি কয় যে এই আক্ৰমণ মেইন ষ্ট্ৰীটত সংঘটিত হৈছে।
৪ জন ভুক্তভোগীক গ্ৰীণভিল হাস্পতাললৈ লৈ যোৱাৰ বিপৰীতে আন কিছুমানক ৰাজ্যখনৰ ৰাজধানী জেকচনৰ এখন বৃহৎ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। কাউন্টি শ্বেৰিফে এই কাণ্ডৰ তদন্ত কৰি আছে বুলি জনা যায়।
খবৰ অনুসৰি বৰ্তমানলৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই। আৰক্ষীয়ে জড়িত ব্যক্তিসকলৰ সৈতে জড়িত লিড আৰু ব্যক্তিগত বিবাদৰ ওপৰত কাম কৰি আছে যিয়ে হিংসাত্মক পৰিস্থিতিৰ সূচনা কৰিব পাৰে।