ৰাষ্ট্ৰীয় ৰাজনীতিৰ বাবে ডাঙৰ খবৰ। বৃহস্পতিবাৰে গুজৰাটৰ ১৬ গৰাকী মন্ত্ৰীয়ে মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ খবৰ আহিছে। অৰ্থাত মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক বাদ দি মন্ত্ৰীসভাৰ আটাইকেইজন মন্ত্ৰীয়ে পদত্যাগ কৰে।
মুখ্যমন্ত্ৰী পেটেলৰ নেতৃত্বত অনুষ্ঠিত এখন বৈঠকৰ পিছতে ঘোষণা কৰা হয় যে শুকুৰবাৰে নতুন মন্ত্ৰীসভাই শপত গ্ৰহণ কৰিব। শুকুৰবাৰে দিনৰ ১১.৩০ বজাত মহাত্মা মন্দিৰত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।
ইফালে শপত গ্ৰহণ অনুষ্ঠানৰ পিছতেই মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সভাপতিত্বত অনুষ্ঠিত হ’ব নতুন মন্ত্ৰীসভাৰ প্ৰথমখন কেবিনেট বৈঠক।
উল্লেখ্য যে, এই বৃহৎ ৰাজনৈতিক পৰিৱৰ্তনৰ মাজতে বিজেপিয়ে উপ-মুখ্যমন্ত্ৰীৰ নিযুক্তিকে ধৰি ২০২১ চনৰ দৰেই ‘ন’-ৰিপিট’ সূত্ৰ কাৰ্যকৰী কৰাৰ সম্ভাৱনা আছে।
নতুন মন্ত্ৰীসভাত ২৩ গৰাকী মন্ত্ৰীয়ে নিযুক্তি পোৱাৰ সম্ভাৱনা আছে। ভিতৰুৱা সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি ভূপেন্দ্ৰ পেটেল কেবিনেটত অগ্ৰাধিকাৰ দিয়া হ’ব অভিজ্ঞ, যুৱ আৰু মহিলা বিধায়কক।











