কেন্দ্ৰীয় চৰকাৰৰ দৰে অসম চৰকাৰৰ কৰ্মচাৰীৰ লগতে পেঞ্চনাৰসকলৰো মৰগীয়া বানচ বৃদ্ধি পালে। এই কথা সদৰী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। আজি মুখ্যমন্ত্রীয়ে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ সমহাৰত অসম চৰকাৰৰ কৰ্মচাৰীৰো মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰাৰ ঘোষণা কৰে।
সেই ঘোষণা অনুসৰি আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত চূড়ান্ত কৰে। এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীসকলৰ মৰগীয়া বানচ ৫৫ শতাংশৰ পৰা ৫৮ শতাংশলৈ বৃদ্ধি পায়।
দীপাৱলীৰ পূৰ্বে ৰাজ্যিক কৰ্মচাৰীৰ বাবে এয়া সুখৰ সংবাদ বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী শৰ্মাই।