অবৈধ অনুপ্ৰৱেশকাৰীৰ মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত আৰক্ষী-প্ৰশাসন সষ্টম হৈ পৰিছে। অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আছে আৰক্ষীয়ে। এই প্ৰচেষ্টাৰ অংশ হিচাপে মুম্বাইত ১০ জন বাংলাদেশীক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত বাংলাদেশী নাগৰিকৰ অধিকাংশই তৃতীয় লিংগৰ।
অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীক দমন কৰিবলৈ গঠন কৰা এটা দলে গ্ৰেপ্তাৰ কৰিছে ১০জন বাংলাদেশী নাগৰিকক। মুখ্য আৰক্ষী পৰিদৰ্শক ৰেৱনাসিদ্ধ থেংগালেৰ নেতৃত্বত গঠিত দলটোৱে ঘাটকোপাৰ ৰেলৱে ষ্টেচন এলেকাত উপস্থিত হোৱা ৫ জন বাংলাদেশী নাগৰিকৰ তথ্য লাভ কৰে। কঠোৰ সোধা-পোছাৰ পিছত তেওঁলোকে বাংলাদেশী নাগৰিক বুলি স্বীকাৰ কৰে।
মুম্বাই আৰক্ষীৰ কঠোৰ জেৰাত তেওঁলোকে প্ৰকাশ কৰে যে তেওঁলোকৰ বেছিভাগ আত্মীয়ই নৱী মুম্বাই অঞ্চলত বাস কৰে। এই তথ্যৰ ভিত্তিত দলটোৱে ৫ জন ব্যক্তি ক্ৰমে পৰী চৰ্দাৰ, জৰিনা মল্লা, ৰকিব মল্লা, জাহানাৰা শ্বেইখ, আৰু ইকবাল শ্বেইখক গ্ৰেপ্তাৰ কৰে। তেওঁলোকে বাংলাদেশৰ পৰা অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰি মুম্বাই পোৱা বুলি আৰক্ষীক জনাইছিল, আৰু এতিয়া তেওঁলোকক বাংলাদেশলৈ ঘূৰাই পঠোৱাৰ প্ৰস্তুতি চলি আছে।
আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে, অভিযুক্তই ২০০৫ চনত অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰিছিল আৰু তেতিয়াৰ পৰাই তেওঁলোকে কেৱল ভুৱা পৰিচয় লৈ ভাৰতত বাস কৰাই নহয়, নাগৰিকত্বৰ নথি-পত্ৰ আৰু পাছপ’ৰ্টো লাভ কৰিছিল।