বাক্সাৰ নিকাছীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। তাত উপস্থিত হৈ স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্ৰীয়ে। লগতে আহতসকলক চেক বিতৰণো কৰে ড০ শৰ্মাই।
দীপক মেধি, বিদ্যুত কলিতাক ২ লাখ টকাৰ চেক বিতৰণ কৰে মুখ্যমন্ত্ৰীয়ে। বুধবাৰে বাক্সা কাৰাগাৰৰ সন্মুখত সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। ইতিমধ্যে ঘটনাৰ লগত জড়িত ১১ জনক গ্ৰেপ্তাৰ কৰা হৈছে।
বাক্সাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে কয় যে, -আজি যদি তেওঁ পদত্যাগ কৰে, তেন্তে অসমৰ ৫০% আন্দোলন আজিয়েই শেষ হৈ যাব। লগতে ড০ শৰ্মাই কয় যে, তেওঁ পদত্যাগ কৰাৰ পিছত গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পাতি দিলে বাকী ৫০% আন্দোলনো শেষ হৈ যাব।