দিলীপ কুমাৰ আৰু বৈজয়ন্তী মালাই বহুতো চলচ্চিত্ৰত একেলগে কাম কৰিছে। তেওঁলোকৰ যুটিক পচন্দ কৰিছিল দৰ্শকে। এই দুই যুটিয়ে উপহাৰ দিছে কেইবাখনো হিট চিনেমা। তাৰ মাজতে এখন চলচিত্ৰই অভিলেখ সৃষ্টি কৰিছিল দিলীপ কুমাৰ আৰু বৈজয়ন্তী মালাৰ।
ছবিখনে কেইবাটাও অভিলেখ সৃষ্টি কৰিছিল। আনকি, দুই যুটিৰ অভিলেখ ভংগ কৰিবলৈ লাগিছিল ৩৮ বছৰ। চলচিত্ৰখন মুক্তি লাভ কৰাৰ পিছতে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰাৰ লগতে আজুৰি আনিছিল ৯ টাকৈ বঁটা।
দিলীপ কুমাৰ আৰু বৈজয়ন্তী মালাৰ এই চলচ্চিত্ৰখনৰ নাম হৈছে মধুমতী। ছবিখন ১৯৫৮ চনত মুক্তি দিয়া হৈছিল। ছবিখনে সেই সময়ত ৯ টা ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। শ্ৰেষ্ঠ চলচ্চিত্ৰ, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ সংগীত পৰিচালক, শ্ৰেষ্ঠ মহিলা নেপথ্য কন্ঠশিল্পী, শ্ৰেষ্ঠ সংলাপ, শ্ৰেষ্ঠ কলা পৰিচালনা আৰু শ্ৰেষ্ঠ চিনেমেট’গ্ৰাফীৰ বঁটা লাভ কৰিছিল ছবিখনে।
উল্লেখ্য যে, পূৰ্বজন্মৰ কাহিনীৰ ওপৰত নিৰ্মাণ কৰা হৈছিল ছবিখন। ছবিখনত বৈজয়ন্তী মালা আৰু দিলীপ কুমাৰৰ মৃত্যু হয়। অৱশ্যে, ছবিখনত দিলীপ কুমাৰে পুনৰ জন্ম লাভ কৰে। এটা দুৰ্ঘটনাত মৃত্যু হোৱা বৈজয়ন্তী মালাৰ সকলো কথা মনলৈ আহে দিলীপ কুমাৰৰ।










