ইজৰাইল আৰু হামাছৰ মাজত ট্ৰাম্পৰ দালালিত যুদ্ধবিৰতি চুক্তি পতনৰ পথত। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যায়াহুৱে ২০ অক্টোবৰত সকীয়াই দিয়ে যে হামাছৰ বিৰুদ্ধে তেওঁৰ সামৰিক অভিযান এতিয়াও সম্পূৰ্ণ হোৱা নাই।
সোমবাৰে বেঞ্জামিন নেতান্যায়াহুৱে নিজৰ সংসদত কয় যে, ইজৰাইল সেনাই গাজাত ১৫৩ টন বোমা নিক্ষেপ কৰিছে। তেওঁ ইয়াক হামাছে যুদ্ধবিৰতি উলংঘা কৰাৰ প্ৰতিশোধ বুলি অভিহিত কৰে।
ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যায়াহুৱে গাজাত সামৰিক অভিযান এতিয়াও সম্পূৰ্ণ হোৱা নাই বুলি উল্লেখ কৰি যুদ্ধবিৰতিৰ বহনক্ষমতাক লৈ প্ৰশ্ন উত্থাপন হৈছে। ইজৰাইলে ৰাফাত আইডিএফৰ ওপৰত হামাছে আক্ৰমণ চলাইছিল, য’ত ইজৰাইলৰ দুজন জোৱানৰ মৃত্যু হৈছিল।
নেতান্যায়াহুৱে এই আক্ৰমণক যুদ্ধবিৰতিৰ প্ৰকাশ্য উলংঘা বুলি অভিহিত কৰি কয় যে, ইজৰাইলে ইয়াৰ প্ৰতিশোধ হিচাপে হামাছৰ জ্যেষ্ঠ সেনাধ্যক্ষকে ধৰি ১২টাতকৈও অধিক লক্ষ্যত আক্ৰমণ চলাইছে। হামাছে এই আক্ৰমণত কোনো ধৰণৰ জড়িত থকাটো অস্বীকাৰ কৰিছে।
ইজৰাইলৰ সংবাদ মাধ্যমৰ মতে, নেতান্যায়াহুৱে হামাছৰ সামৰিক আৰু শাসন ক্ষমতা নাইকিয়া কৰাৰ আহ্বান জনাইছে। তেওঁ জোৰ দি কয় যে, যুদ্ধবিৰতিৰ ফলত ইজৰাইলক ভাবুকি দিয়াৰ অনুজ্ঞাপত্ৰ হামাছক দিয়া হোৱা নাই। তেওঁ কয় যে আমাৰ বিৰুদ্ধে আক্ৰমণাত্মক হোৱাৰ মূল্য অতি গধুৰ হ’ব।
ইফালে, মঙলবাৰে (২১ অক্টোবৰ, ২০২৫) ইজৰাইলত উপস্থিত হয় আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সে গাজা যুদ্ধবিৰতি শক্তিশালী কৰিবলৈ। যুদ্ধবিৰতিৰ পিছত সংঘটিত হিংসাত্মক পৰিস্থিতিত ইজৰাইলৰ দুজন সৈনিক আৰু ৪৫জন পেলেষ্টাইনী নিহত হৈছে।