প্ৰায় ছবছৰৰ অন্তত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সাক্ষাৎ হয়। ৩০ অক্টোবৰত দক্ষিণ কোৰিয়াৰ বুছানত দুয়োৰে বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকৰ পিছতে এটা গুৰুত্বপূৰ্ণ খবৰ ওলাই যে চীনৰ ওপৰত শুল্ক হ্ৰাস কৰিছে ট্ৰাম্পে। তেওঁ উল্লেখ কৰে যে, চীনৰ সৈতে কেইবাটাও বিষয়ত আলোচনা কৰা হৈছিল। অতি সোনকালে এই ট্ৰেড ডিলৰ আপডেট উপলব্ধ হ’ব। চীনৰ ওপৰত ১০ শতাংশ শুল্ক হ্ৰাস কৰিছে আমেৰিকাই।
ড’নাল্ড ট্ৰাম্পে কয় যে, ফেণ্টানিলৰ বাবে তেওঁ চীনৰ ওপৰত ২০ শতাংশ শুল্ক আৰোপ কৰিছিল, কিন্তু তেওঁলোকৰ ভাষ্য শুনি তেওঁ ইয়াক ১০ শতাংশ হ্ৰাস কৰিছে আৰু ই অতি কাৰ্যকৰী হ’ব ।
ট্ৰাম্পে কয় যে, তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। তেওঁ চীনৰ ওপৰত শুল্ক ৫৭ শতাংশৰ পৰা ৪৭ শতাংশলৈ হ্ৰাস কৰাৰ কথা ঘোষণা কৰে। এপ্ৰিল মাহত চীন ভ্ৰমণ কৰি অতি সোনকালে বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰিব বুলিও তেওঁ উল্লেখ কৰে। তাৰ পিছত ছি জিনপিঙে আমেৰিকা ভ্ৰমণ কৰিব।
ট্ৰাম্প আৰু ছি জিনপিঙৰ এই বৈঠকত আমেৰিকা আৰু চীনৰ মাজত চলি থকা উত্তেজনাৰ অন্ত পৰে। বৈঠকৰ পিছত ট্ৰাম্পে ঘোষণা কৰে যে, চীনে তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ আমেৰিকাৰ সৰিয়হ ক্ৰয় আৰম্ভ কৰিব।
মন কৰিবলগীয়া যে, ট্ৰাম্পৰ শুল্ক বৃদ্ধিৰ পিছত চীনে আমেৰিকাৰ সৰিয়হ ক্ৰয় কৰা বন্ধ কৰি দিছিল, যাৰ ফলত ইয়াৰ কৃষকৰ যথেষ্ট লোকচান হৈছিল। কিন্তু এতিয়া দুয়োখন দেশৰ মাজত থকা মতানৈক্যৰ অন্ত পৰাৰ ওচৰ চাপিছে।











