বিহাৰত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমটো দিন। ৬, ১১ নৱেম্বৰত আছে বিহাৰত বিধানসভা নিৰ্বাচন। ৰঘুনাথপুৰ ৰাজহুৱা সভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক মন্তব্য প্ৰদান কৰে।
স্থানীয় নেতা তথা আৰজেডিৰ প্ৰাৰ্থী ওছামা চাহাবৰ নাম নোলোৱাকৈয়ে শৰ্মাই তেওঁক ওছামা বিন লাডেনৰ সৈতে তুলনা কৰি কয় যে, এই দেশৰ সকলো ওছামাক এজন এজনকৈ নিৰ্মূল কৰিব লাগিব। তেওঁ কয় যে, এই দেশ ৰাম-সীতাৰ ভূমি আৰু ইয়াত ওছামা বিন লাডেনৰ দৰে কোনোবা এজনৰ আধিপত্য কেতিয়াও গ্ৰহণযোগ্য নহ’ব। তেওঁ কয় যে, এই দেশ ৰাম-সীতাৰ ভূমি আৰু ওছামা বিন লাডেনৰ দৰে কোনোবা এজনৰ আধিপত্য কেতিয়াও গ্ৰহণযোগ্য নহ’ব।
সমাৱেশত ড০ শৰ্মাই কয়, ‘সকলো মাদ্ৰাছা বন্ধ হ’ব লাগে। মাদ্ৰাছাৰ পৰা জন্ম হয় মোল্লাৰ।আমাৰ লৰা-ছোৱালী মোল্লা নহয়, ডাক্তৰ ইঞ্জিনীয়াৰ হ’ব। অসমত ৬০০ মাদ্ৰাছা বন্ধ কৰি দিছো। হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’। বহুবিবাহক লৈও মুখ্যমন্ত্ৰীয়ে কয় যে, এজন মানুহে এগৰাকীতকৈ অধিক বিয়া কৰালে ৭ বছৰ কাৰাদণ্ড বিহা হ’ব।












