ৰাজ্যত ভয়ংকৰভাৱে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। পুনৰ তিনিচুকীয়াৰ পৰা এক জঘন্য ঘটনাৰ তথ্য পোহৰলৈ আহিছে। বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত সপ্তম শ্ৰেণীৰ এগৰাকী শিশুৰ লগত সংঘটিত হয় ভয়ংকৰ কাণ্ড। এই জঘন্য কাণ্ডৰ ঘটনা পোহৰলৈ অহাৰ পাছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
তথ্য অনুসৰি, তিনিচুকীয়াৰ বৰডুবিত সংঘটিত হৈছে এগৰাকী ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড। তিনি পাষণ্ড ছাত্ৰীগৰাকীৰ সৈতে এই অপকৰ্ম সংঘটিত কৰে। ইয়াৰ পাছত পলায়ন কৰে তিনি অভিযুক্তই। পৰৱৰ্তী সময়ত বাগানৰ মাজত অতি ভয়ানক অৱস্থাত উদ্ধাৰ হয় ছাত্ৰীগৰাকী।
এই জঘন্য কাণ্ডই সমগ্ৰ অঞ্চলটোতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ তদন্তৰ অন্তত সবিশেষ তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।












