কেতিয়াও নেদেখা এক বিৰল দৃশ্যৰ সাক্ষী হৈ ৰ’ব অসম। ৯ নৱেম্বৰত ভাৰতীয় বায়ু সেনাৰ দ্বাৰা গুৱাহাটীৰ লাচিত ঘাটত এক বিশেষ এয়াৰ শ্ব’ৰ আয়োজন কৰা হ’ব, যি ৯৩ সংখ্যক ভাৰতীয় বায়ু সেনা দিৱস উপলক্ষে উদযাপন কৰা হ’ব।
এই অনুষ্ঠানত ৭৫খনৰো অধিক বায়ুসেনা বিমানে অংশগ্ৰহণ কৰিব লগতে আকাশৰ বুকুত গুঞ্জৰিত হ’ব ‘মায়াবিনী’। আকাশ মাৰ্গৰ পৰা কৰা হ’ব পুষ্পবৃষ্টি।
এই বিশেষ দিনটোত পোন প্ৰথমবাৰৰ বাবে উত্তৰ-পূৱৰ আকাশত ভাৰতীয় বায়ু সেনাই প্ৰদৰ্শন কৰিব বিশেষ এয়াৰ শ্ব। অসমৰ আকাশত উৰিব Raffle, Sukhoi, Jaguar, Mirageৰ দৰে যুজাঁৰু বিমান।
ভাৰতীয় বিমান যুঁজাৰুসকলক শ্ৰদ্ধা জনোৱাৰ লগতে ভাৰতৰ গৌৰৱ, ঐক্য আৰু উন্নত প্ৰযুক্তিৰ বিশেষ বাৰ্তা প্ৰেৰণ কৰি ভাৰতৰ বায়ু সেনাৰ বিচক্ষণতা আৰু শক্তিক চিহ্নিত কৰি অহা ৯ নৱেম্বৰত লাচিত ঘাটত অভিনৱ উৰণ প্ৰদৰ্শনৰ বাবে ইতিমধ্যে সাজু হৈছে ভাৰতীয় বায়ুসেনা।
উল্লেখ্যে যে ৯ নৱেম্বৰত অনুষ্ঠিত হ’ব লগা বায়ুসেনাৰ ৯৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উৎসৰ্গিত হ’ব জুবিন গাৰ্গৰ নামত। ঈশ্বৰ পুত্ৰক শ্ৰদ্ধাঞ্জলি জনাই ‘মায়াবিনী’ গীতেৰে বায়ু সেনাই আৰম্ভ কৰিব অনুষ্ঠানৰ।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত মহানগৰীৰ লাচিতঘাটত অনুষ্ঠিত হ’ব বায়ু সেনাৰ এই বিশেষ অনুষ্ঠান। দিনৰ ১২বাজি ৩০মিনিটৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত হ’ব এই অনুষ্ঠান। সমগ্ৰ অসমবাসীৰ লগতে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ব মহাবাহু ব্ৰহ্মপুত্ৰ।











