অবৈধভাৱে দখল কৰা ভূমি মুক্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনৰ বুলড’জাৰ এক্সন। ৯-১০ নৱেম্বৰত পুনৰ চলিব প্ৰশাসনৰ বুলড’জাৰ। গোৱালপাৰাৰ দহিকাটাত আৰম্ভ চৰকাৰৰ উচ্ছেদ ২.০।
আজি নিশাৰ ভিতৰতে বেদখলকাৰীয়ে এৰিব লাগিব দখলীকৃত ভূমি। প্ৰায় এমাহ পূৰ্বেই দহিকাটা সংৰক্ষিত বনাঞ্চল অবৈধভাৱে দখল কৰা ২৫০টা পৰিয়াললৈ ভূমি খালী কৰাৰ বাবে জাননী জাৰি কৰিছিল প্ৰশাসনে।
জাননী লাভ কৰাৰ পিছতে বহু বেদখলকাৰীয়ে নিশা শ-শ ঘৰ এৰি পলায়ন কৰিছে যদিও বৰ্তমানেও দখলীকৃত ভূমি ত্যাগ কৰা নাই একাংশ বেদখলকাৰীয়ে। ইতিমধেই শেষ হৈছে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া সময়সীমা।
উচ্ছেদ চলিব লগা অঞ্চলত নিয়োগ কৰা আৰক্ষী, ব্লেক কামাণ্ডো দেখি বুকু কঁপিছে বহু বেদখলকাৰীৰ। ১১৪৩ বিঘা ভূমিত উচ্ছেদৰ বাবে সাজু কৰা হৈছে শ-শ বুলড’জাৰ।
উল্লেখ্য যে, গোৱালপাৰা বন সংমণ্ডলৰ অন্তৰ্গত নিৰ্ধাৰিত সীমাৰ ভিতৰৰ দহিকাটা সংৰক্ষিত বনাঞ্চলৰ ভূমি অবৈধভাৱে বেদখল কৰি গছ-গছনি কাটি ঘৰ নিৰ্মাণকে ধৰি দখলীকৃত ভূমিত পুখুৰী খন্দা, তামোলৰ বাৰী আদি গঢ়ি তুলিছিল বেখলকাৰীয়ে। বনাঞ্চল ধ্বংস কৰি জনাঞ্চল গঢ় দিয়া এইসকল বেদলকাৰীয়ে পুনৰ সংস্থাপন বিচাৰি চৰকাৰক জনাইছে আহ্বান।











