অধঃপতনে গৈছে মানৱ সমাজ। এইবাৰ ভতিজীৰ সৈতে কুকৰ্ম কৰিলে নিজ খুৰাকে। এই ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।
উত্তৰ গুৱাহাটী ৰংমহলত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। নিজ খুৰাক নিৰঞ্জন চৌধুৰীৰ বিৰুদ্ধে এগৰাকী যুৱতীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হয়।CCTVত বন্দী ভতিজীক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ সম্পূৰ্ণ দৃশ্য।
ইয়াতেই ক্ষান্ত নাথাকি নিৰঞ্জন চৌধুৰীয়ে যুৱতীগৰাকীৰ সৈতে অশ্লীল কাৰ্য কৰাৰো অভিযোগ উঠে।
ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীয়ে উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। লগতে উত্তৰ গুৱাহাটীৰ উত্তৰাঞ্চল সক্ৰিয় নাৰী কল্যান সমাজৰ কাষ চাপে।











